অসম

assam

সোণাপুৰত ভণ্ড বাবাৰ ভণ্ডামী

By

Published : Jul 17, 2021, 7:34 PM IST

একবিংশ শতিকাতো অন্ধবিশ্বাসৰ বলি ৰাজ্যৰ একাংশ জনতা ৷ মেঘালয়ৰ বাজেংডোবা কাণ্ডৰ পাছত বাইহাটা চাৰিআলিৰ কমলপুৰৰ সমীপৱৰ্তী সোণাপুৰত ভণ্ড বাবাৰ ভণ্ডামী ৷

সোণাপুৰত ভণ্ড বাবাৰ ভণ্ডামী
সোণাপুৰত ভণ্ড বাবাৰ ভণ্ডামী

বাইহাটা, 17 জুলাই : একবিংশ শতিকাতো অন্ধবিশ্বাসৰ বলি ৰাজ্যৰ একাংশ লোক ৷ অন্ধবিশ্বাস তথা কু-সংস্কাৰ দূৰ কৰাৰ বাবে চৰকাৰে বিভিন্ন পন্থা অৱলম্বন কৰাৰ পাছতো অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আহিছে ৰাজ্যৰ একাংশ জন সাধাৰণ ৷ বিশেষকৈ 2018 বৰ্ষত ৰাজ্যত ডাইনী কাণ্ড প্ৰতিৰোধী আইন প্ৰণয়ন কৰা হৈছিল ৷ কিন্তু এতিয়াও ৰাজ্যৰ পৰা নিৰ্মূল হোৱা নাই ডাইনী কাণ্ড ৷

সমাজৰ পৰা ডাইনী হত্যা নিৰ্মূলৰ বাবে অবিৰত সংগ্ৰাম চলাই গৈছে পদ্মশ্ৰী বীৰুৱালা ৰাভাই ৷ কিন্তু ইমানখিনি সজাগতা তথা সতৰ্কতাৰ পাছতো একাংশ লোক ওলাই আহিব পৰা নাই এই অন্ধবিশ্বাসৰ কবলৰ পৰা ৷ এক কথাত ক’ব পাৰি যে, বৰ্তমানেও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি কোনোবাখিনিত পিছপৰি ৰৈছে একাংশ লোক ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে এগৰাকী মহিলাক ডাইনী (Witch)সন্দেহত কৰা বৰ্বৰ আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত (Social Media) ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বাজেংডোবাত সংঘটিত হোৱা ডাইনী কাণ্ডত জড়িত আছিল স্বয়ং ভুক্তভোগী মহিলাগৰাকীৰ স্বামী ৷ এই ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷

শাস্তিও বিহা হৈছিল ডাইনী কাণ্ডৰ লগত জড়িত থকা লোকসকলক ৷ কিন্তু ইমানৰ পাছতো গাত কথাই লগা নাই একাংশ ৰাজ্যবাসীৰ ৷ মেঘালয়ৰ বাজেংডোবাত সংঘটিত ডাইনী কাণ্ড মাৰ নৌযাওঁতেই ৰাজ্যত পুনৰ আবিৰ্ভাৱ হৈছে ভুৱা তান্ত্ৰিকৰ ৷ এইবাৰ বাইহাটা চাৰিআলিৰ কমলপুৰৰ সমীপৱৰ্তী সোণাপুৰত কৰায়ত্ত কৰা হৈছে এগৰাকী ভুৱা তান্ত্ৰিকক ৷

অভিযোগ অনুসৰি, ভুৱা তান্ত্ৰিক গৰাকীয়ে ঘৰত মানুহ নথকাৰ সুযোগ লৈ সোণাপুৰৰ বহুকেইগৰাকী ব্যক্তিক আঁভূৱা ভাৰি সৰকাইছে হাজাৰ হাজাৰ টকা ৷ বিভিন্ন সমস্যাৰ আশংকা দেখুৱাই গৃহস্থক ভুৱা প্ৰলোভন দিয়াৰো অভিযোগ উঠিছে তান্ত্ৰিকজনৰ বিৰুদ্ধে ৷ জানিব পৰা মতে, ভুৱা তান্ত্ৰিকজনৰ ঘৰ ওড়িশাত ৷ ৰাইজৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি প্ৰলোভন তথা মিছা আশ্বাসেৰে তন্ত্ৰ-মন্ত্ৰ কৰা তান্ত্ৰিকজনক অৱশেষত কৰায়ত্ব কৰে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, চৰকাৰ তথা প্ৰশাসনে অন্ধবিশ্বাস তথা কু-সংস্কাৰৰ বিৰুদ্ধে বিভিন্ন সজাগতা অভিযান তথা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ স্বত্বেও কিন্তু সজাগতা সৃষ্টি কৰিব পৰা নাই একাংশ ৰাইজৰ মাজত ৷ কেতিয়া নিৰ্মূল হ’ব অন্ধবিশ্বাস তথা কু-সংস্কাৰ ! সমাজকৰ্মী বীৰুৱালা ৰাভাই চলোৱা সজাগতা অভিযান কেতিয়া ফলপ্ৰসূ হ’ব সেয়া এই মুহুৰ্তত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়ক:Viral Video: ডাইনী সন্দেহত বৰ্বৰ আক্ৰমণ মহিলাক

ABOUT THE AUTHOR

...view details