ৰঙিয়া, 11 অক্টোবৰ :ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে প্ৰৱঞ্চকৰ দল ৷ ভুৱা পৰিচয়েৰে নিজকে চৰকাৰী বিষয়া বুলি একাংশ লোকে সাধাৰণ ৰাইজৰ মাজত নিৰ্বিঘ্নে চলাই গৈছে লুণ্ঠনৰাজ ৷ আনকি বিভিন্ন সময়ত আৰক্ষীৰ জালত পৰিছে বহু ভুৱা বিষয়াও ৷ তথাপিও যেন আৰক্ষীয়ে নাকী লগাবলৈ সক্ষম হোৱা নাই ভুৱা বিষয়াক ৷
শেহতীয়াকৈ ৰঙিয়া আৰক্ষীৰ জালত পৰিছে তিনি ভুৱা বিষয়া ৷ নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি ৰঙাঘৰৰ আলহী হ’ল তিনি ভুৱা বিষয়া (Fake Anti corruption officer detained) ৷ গ্ৰেুপ্তাৰ হোৱা তিনি যুৱক ক্ৰমে উদিয়ানাৰ ইকবাল হুছেইন, কাউৰবাহাৰ দিদাৰ হুছেইন আৰু মৃদুল আলী বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, গ্ৰেপ্তাৰ হোৱা প্ৰৱঞ্চকৰ দলটোৱে সোমবাৰে দিনৰ প্ৰায় আঢ়ৈ বজাত ৰঙিয়াৰ বনগাঁৱৰ উৰণীয়া সেতুৰ তলত বৰপেটাৰ পৰা অহা এখন চুপাৰী কঢ়িওৱা গাড়ী ৰখাই তালাচী চলাই আছিল । তালাচী চলোৱা ট্ৰাকখনৰ নম্বৰ হৈছে AS 15 AC 5782 ৷ এই গাড়ীখনত তালাচী চলাই উপযুক্ত কাগজ-পত্ৰ নাই বুলি কৈ ভুৱা বিষয়াৰ দলটোৱে চুপাৰী কঢ়িওৱা গাড়ীখনৰ ড্ৰাইভাৰৰ পৰা ধন দাবী কৰিছিল ৷
লগতে পঢ়ক :উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী কনিষ্টবল