অসম

assam

ETV Bharat / state

তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন - FACTS AND FIGURES OF ASSAM PROTESTS AGAINST CAB

গৃহ বিভাগৰ নিৰ্দেশত 12 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰাৰ লগতে মোবাইল ইন্টাৰনেট সেৱা কৰ্তন কৰিছে 10 খন জিলাত ৷ মোতায়েন কৰা হৈছে অতিৰিক্ত সেনা বাহিনী ৷ শ্বহীদ হয় 5 জনকৈ লোক ৷ 2 গৰাকী লোকৰ অৱস্থা সম্প্ৰতি সংকটজনক ৷

নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন
নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন

By

Published : Dec 16, 2019, 4:10 PM IST

নিউজ ডেস্ক, 16 ডিচেম্বৰ:অসমত তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন ৷ এই আন্দোলনক ৰোধিবলৈ গৃহ বিভাগৰ নিৰ্দেশত 12 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰাৰ লগতে মোবাইল ইন্টাৰনেট সেৱা কৰ্তন কৰিছে 10 খন জিলাত৷ কামৰূপ জিলাত জাৰি কৰা হৈছে 144 ধাৰা ৷ ইয়াৰোপৰি প্ৰতিবাদকাৰীক মষিমূৰ কৰিবলৈ গৃহ বিভাগে5 হাজাৰসেনা বাহিনী মোতায়েন কৰাৰ লগতে 13 ডিচেম্বৰত অনা হৈছিলঅতিৰিক্ত সেনা বাহিনী

আন্দোলনৰ সমগ্ৰ কালচোৱাত বিভিন্ন স্থানত সংঘটিত হয় বহু ঘটনা ৷ প্ৰতিবাদকাৰী বহু লোক আহত হোৱাৰ ওপৰিও শ্বহীদ হয় 5 জনকৈ লোক ৷ আৰক্ষীৰ গুলীচালনাত শ্বহীদ হোৱা লোকসকলৰ ভিতৰত আছে ছয়গাঁৱৰ দীপাঞ্জল দাস,গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ দশম শ্ৰেণীৰ ছাত্ৰ ছেম ষ্টেফ'ৰ্ড,ওদালগুৰি জিলাৰঈশ্বৰ নায়ক,বৰপেটাৰ আব্দুল হালিমআৰু নলবাৰী জিলাৰ সঞ্জীৱ ডেকা ৷

ৰাজধানী চহৰ গুৱাহাটীত 27গৰাকী প্ৰতিবাদকাৰীৰ লগতে 50 গৰাকী আৰক্ষী বাহিনীৰ লোকো আহত হয় ৷ সমগ্ৰ অসমতে আৰক্ষীৰ গুলিচালনাত আহত হয় 28গৰাকী ব্যক্তি ৷ গুলিচালনাত আহত লোকসকলৰ ভিতৰত 2গৰাকী লোকৰ অৱস্থা সম্প্ৰতি সংকটজনক ৷

তাৰোপৰি আন্দোলনৰ লগত জড়িত মুঠ 1406 গৰাকী লোকক আৰক্ষীৰ জিম্মাত ৰখাৰ লগতে 175 গৰাকী লোকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন লোকসকলৰ ভিতৰত আছে কৃষক নেতাঅখিল গগৈ আৰু আলোচনাপন্থী আলফা নেতৃত্ব জিতেন দত্ত ৷

লগতে পঢ়ক:জাতিৰ কাৰণে প্ৰাণ আহুতি দিলে পাঠশালাৰ আব্দুল আলিমে

ABOUT THE AUTHOR

...view details