অসম

assam

ETV Bharat / state

Historic pond of Rangia: ৰঙিয়াৰ ভেঁহবাৰীৰ ঐতিহাসিক পুখুৰীত চকু অসাধু চক্ৰৰ - Eyes of dishonest people

ভেঁহবাৰীৰ ঐতিহাসিক পুখুৰীত চকু দুষ্ট চক্ৰৰ(historical pond of Rangia) ৷ ক্ষোভিত অঞ্চলবাসীয়ে দাবী কৰিলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ (People want Chief Minister to intervention) ।

rangia bhehbari
দুষ্ট চক্ৰৰ বিৰুদ্ধে ৰাইজ

By

Published : Mar 25, 2023, 2:07 PM IST

দুষ্ট চক্ৰৰ বিৰুদ্ধে ৰাইজ

ৰঙিয়া, 25 মাৰ্চ :ৰঙিয়াৰ সমীপৰ ভেঁহবাৰীত থকা ঐতিহাসিক ৰাজহুৱা পুখুৰীটোত পৰিছে দুষ্ট চক্ৰৰ চকু (historic pond of Rangia Bhehbari) । যুগ যুগৰে পৰা ভেঁহবাৰীৰ ৪৬ বিঘা ভূমিৰে আৱৰা পুখুৰীটোত বিভিন্ন প্ৰজাতিৰ চৰাই আহি খৰালি মাহৰ সময়খিনিত বাস সাঁজি কণী পাৰে । তাৰোপৰি বিভিন্ন সময়ত বহু ঠাইৰ লোকে এই ঐতিহাসিক পুখুৰীটোলৈ আহি চৰাই সমূহ চৰি থকা মনোমোহা দৃশ্য উপভোগ কৰে ।

অঞ্চলটোত থকা জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই ঐতিহাসিক পুখুৰীটোক লৈ গৰ্ব কৰে ৷ চৰকাৰী ভূমি বুলি কোনেও পুখুৰী অথবা পুখুৰীটোৰ ওচৰৰ মাটি বা গছ-গছনি এডালো উঘালি অনা নাই আজিলৈকে ৷ অঞ্চলটোত থকা মন্দিৰ-মছজিদৰ চোৱা চিতা কৰাসকলেও আনকি একত্ৰিতভাৱে এই পুখুৰীটো সংৰক্ষণ কৰি আহিছে ৷

এই ঐতিহাসিক পুখুৰীটো সংৰক্ষণ কৰি পৰ্যটনস্থলী কৰিবৰ বাবে অঞ্চলবাসীয়ে ৰাজ্য চৰকাৰক বহু সময়ৰ পৰা দাবী জনাই আহিছে । তেনে সময়তে একাংশ অসৎ প্ৰকৃতিৰ লোকে এনে সম্পদ এটা নিঃশেষ কৰি পুখুৰীটো দখল কৰাৰ চেষ্টা অব্যহত ৰাখিছে (Rangia Bhehbari news) । ইতিমধ্যে এই চক্ৰটোৱে পুখুৰীটোৰ পানী সিঁচি মাছ ধৰিবলৈ আৰম্ভ কৰিছে । লগতে পুখুৰীটোৰ পৰা এটা নলা খান্দি পুখুৰীৰ পানী পুঠিমাৰী নৈত পেলোৱাৰ ব্যৱস্থা কৰিছে ।

ইতিমধ্যে পুখুৰীটোৰ আধাতকৈও অধিক পানী নৈত পেলোৱাৰ ফলত পুখুৰীটো লাহে লাহে শুকাই যাবলৈ আৰম্ভ কৰিছে । অসাধু চক্ৰটোৰ এনে অসৎ অভিপ্ৰায় স্থানীয় ৰাইজে বহু সময় ধৰি প্ৰত্যক্ষ কৰি আহিছে ৷ স্থানীয় ৰাইজে এনে কাণ্ড সংঘটিত কৰাত স্থানীয় বাধা প্ৰদান কৰে যদিও ৰাইজৰ বাধাক অলপো গুৰুত্ব নিদি চক্ৰটোৱে যিকোনো প্ৰকাৰে পুখুৰীটো দখল কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । এই ক্ষেত্ৰত স্থানীয় ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ঐতিহাসিক ভেঁহবাৰীৰ পুখুৰীটো সংৰক্ষণ কৰি ইয়াক পৰ্য্যটনস্থলী হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক :Training in machine cutting of muga: ৰঙিয়াত মেচিনেৰে মুগা আৰু এৰি সূতা কটাৰ প্ৰশিক্ষণ

ABOUT THE AUTHOR

...view details