অসম

assam

ETV Bharat / state

চাংসাৰীত উদ্ধাৰ বিস্ফোৰক সামগ্ৰীঃ এজনক গ্ৰেপ্তাৰ - assam news

"NIPER" প্ৰতিষ্ঠান চৌহদত উদ্ধাৰ হয় বিস্ফোৰক সামগ্ৰীখিনি । "NIPER" প্ৰতিষ্ঠানত কৰ্মৰত নাগাৰ্জুনা কনষ্ট্ৰাকচন কোম্পানীয়ে অবৈধ ভাৱে মজুত কৰি ৰাখিছিল উদ্ধাৰ হোৱা সামগ্ৰীখিনি

চাংসাৰীত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী, 1 গ্ৰেপ্তাৰ

By

Published : Jun 21, 2019, 5:44 PM IST

কামৰূপ, 21 জুনঃ চাংসাৰীত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। চাংসাৰী আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ জিলেটিন আৰু ডিটনেটৰ । "NIPER" প্ৰতিষ্ঠান চৌহদত উদ্ধাৰ হয় বিস্ফোৰক সামগ্ৰীখিনি। "NIPER" প্ৰতিষ্ঠানত কৰ্মৰত নাগাৰ্জুনা কনষ্ট্ৰাকচন কোম্পানীয়ে অবৈধভাৱে মজুত কৰি ৰাখিছিল উদ্ধাৰ হোৱা সামগ্ৰীখিনি ৷ লগেত আটক কৰে নাগাৰ্জুনা কনষ্ট্ৰাকচন কোম্পানীৰ পৰিচালক সুদীপ্ত কুমাৰ পাণ্ডে নামৰ লোকজনক । নাগাৰ্জুনা কনষ্ট্ৰাকচন কোম্পানীয়ে দীৰ্ঘদিন ধৰি প্ৰকল্প চৌহদত অবৈধভাৱে মজুত কৰি ৰাখিছিল ৮২ ডাল জিলেটিন আৰু ৭২ বাণ্ডিল ডিটনেটৰ।

চাংসাৰীত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী, 1 গ্ৰেপ্তাৰ

আনহাতে,চাংসাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 120(B)/379 ধাৰাত 228/19 নম্বৰত এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বন বিভাগ আৰু প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবে NIPER চৌহদত চলি আহিছে পাহাৰ ধ্বংস যজ্ঞ।

ABOUT THE AUTHOR

...view details