অসম

assam

ETV Bharat / state

কামৰ সময়ত কিয় কাৰ্যালয়ত নাথাকে চৰকাৰী কৰ্মচাৰী ? - ৰঙিয়া

অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত অনুপস্থিত চৰকাৰী কৰ্মচাৰী ৷ কোনো ধৰণৰ ছুটী নোলোৱাকৈ কাৰ্যালয়ত অনুপস্থিত থকা ছয়গৰাকীকৈ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা

অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত অনুপস্থিত চৰকাৰী কৰ্মচাৰী

By

Published : May 10, 2019, 7:30 PM IST

ৰঙিয়া, 10 মে' : অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত অনুপস্থিত চৰকাৰী কৰ্মচাৰী ৷ ৰঙিয়াৰ জনস্বাস্থ্য কাৰীকৰি অভিযন্তাৰ কাৰ্যালয়ৰ দৃশ্য এইয়া ৷ খালী হৈ পৰি ৰৈছে ইখনৰ পাচত সিখন বিষয়া-কৰ্মচাৰীৰ চকী ৷ কোনো ধৰণৰ ছুটী নোলোৱাকৈয়ে কাৰ্যালয়ত অনুপস্থিত ছয়গৰাকীকৈ বিষয়া-কৰ্মচাৰী ৷ সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ অভিযোগৰ ভিত্তিত ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ তৰফৰ কাৰ্যকৰী দণ্ডাধীশ জয়ন্ত কুমাৰ দাসে চলোৱা আকস্মিক পৰিদৰ্শনত ওলাই পৰিল সকলো তথ্য ৷ পৰিদৰ্শনৰ সময়ত অনুপস্থিত থকা বিষয়াকেইগৰাকী ক্ৰমে গীতা চৌধুৰী, ৰেখাৰাণী বৰুৱা, তাপস ৰঞ্জন দাস আৰু জিতেন ভূঞাৰ লগতে কৰ্মচাৰী মদন কলিতা আৰু সদানন্দ কলিতা । কোনো ধৰণৰ ছুটী নোলোৱাকৈয়ে এনেদৰে কাৰ্যালয়ত উপস্থিত থকা ছয়গৰাকী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মত প্ৰকাশ কৰে কাৰ্যকৰী দণ্ডাধীশ জয়ন্ত কুমাৰ দাসে ৷

অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত অনুপস্থিত চৰকাৰী কৰ্মচাৰী

ABOUT THE AUTHOR

...view details