অসম

assam

ETV Bharat / state

Vaishno Devi temple at Rangia: শ্ৰীশ্ৰী বৈষ্ণু দেৱী মন্দিৰৰ দ্বাৰ মুকলি বিধায়ক ৰমেন ডেকাৰ - Senior BJP leader Ramen Deka

প্ৰাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাই সম্পূৰ্ণ ব‍্যক্তিগত ধনেৰে ৰঙিয়া আঞ্চলিক হৰিমন্দিৰ প্ৰাংগনত নিৰ্মাণ কৰিছে শ্ৰীশ্ৰী বৈষ্ণু দেৱী মন্দিৰ(Sri Sri Vaishno Devi temple at Rangia) ৷ প্ৰাক্তন সাংসদগৰাকীয়ে আজি ফিটা কাটি উদ্বোধন কৰে মন্দিৰৰ দ্বাৰ ৷

Senior BJP leader Ramen Deka
শ্ৰী শ্ৰী বৈষ্ণু দেৱী মন্দিৰৰ দ্বাৰ মুকলি বিধায়ক ৰমেন ডেকাৰ

By

Published : Nov 4, 2022, 9:14 PM IST

ৰঙিয়া,৪ নৱেম্বৰ : দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক হৰিমন্দিৰ প্ৰাংগনত প্ৰাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাই(Senior BJP leader Ramen Deka) সম্পূৰ্ণ ব‍্যক্তিগত ধনেৰে নিৰ্মাণ কৰিছে শ্ৰীশ্ৰী বৈষ্ণু দেৱী মন্দিৰ ৷ এই মন্দিৰটো উদ্বোধনৰ বাবে শুকুৰবাৰে ৰঙিয়াৰ মহখলিত সপৰিয়ালে উপস্থিত হয় বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷ প্ৰাক্তন সাংসদগৰাকীয়ে ফিটা কাটি মন্দিৰৰ দ্বাৰ উদ্বোধন কৰাৰ পিছত মন্দিৰৰ বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠাৰ উদ্দেশ্য পূজা অনুষ্ঠিত কৰা হয় ।

শ্ৰী শ্ৰী বৈষ্ণু দেৱী মন্দিৰৰ দ্বাৰ মুকলি বিধায়ক ৰমেন ডেকাৰ

মাংগলিক কৰ্মৰে মন্দিৰটো ৰাইজৰ বাবে মুকলি কৰাৰ পিছত ৰমেন ডেকাৰ পৰিয়ালৰ লগতে ৰাইজেও দেৱীৰ শ্ৰীচৰণত আঠু লয় । মন্দিৰ উদ্বোধনৰ মাংগলিক কাৰ্য চলি থকাৰ মাজতে সমীপৱৰ্তী দহখন গাঁৱৰ আয়তীসকলে মন্দিৰৰ প্ৰাংগনত নাম প্ৰসংগ কৰে । মন্দিৰৰ উদ্বোধন সম্পূৰ্ণ হোৱাৰ পাছত হৰি মন্দিৰৰ প্ৰাংগতেই এখন সভা অনুষ্ঠিত কৰা হয় । সভাখনত হৰিমন্দিৰ ৰাস মহোৎসৱ সমিতিৰ আয়োজকসকলৰ লগতে ৰাইজে প্ৰাক্তন সাংসদ ৰমেন ডেকাক এখন ফুলাম গামোচা, এখন মানপত্ৰ, এটা জাপিৰে সম্বৰ্ধনা জনায় ৷

একেদৰে হৰিমন্দিৰ কৰ্তৃপক্ষই ৰাধা কৃষ্ণৰ যুগল মূৰ্তি আৰু হৰিমন্দিৰৰ মূৰ্তি নিৰ্মাণ কৰা কাৰিকৰসকলে অনন্ত শয‍্যাৰে তেওঁক সম্বৰ্ধনা জনায় । বিজেপিৰ নেতাগৰাকীয়ে উক্ত সভাখনতেই ৰাস মন্দিৰৰ মূল বিগ্ৰহটো ব‍্যক্তিগত ধনেৰে নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ হাতত অৰ্পণ কৰিব বুলি ঘোষণা কৰে । সভাখনত মনৰ কথা ব‍্যক্ত কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে, বৈষ্ণু দেৱী মন্দিৰ যথেষ্ট দূৰত আছে । গতিকে যিসকল ভক্তপ্ৰাণ ৰাইজে ইমান দুৰলৈ যাব নোৱাৰে তেওঁলোকে ইয়াতে দেৱীৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হ’ব বুলি এই মন্দিৰ নিৰ্মাণৰ বাবে তেওঁ মনস্থ কৰিছিল ।

শ্ৰী শ্ৰী বৈষ্ণু দেৱী মন্দিৰৰ দ্বাৰ মুকলি বিধায়ক ৰমেন ডেকাৰ

মন্দিৰৰ দ্বাৰ ৰাইজৰ বাবে মুকলি কৰি প্ৰাক্তন সাংসদ ৰমেন ডেকাই(EX MP Ramen Deka) মন্দিৰৰ সম্পূৰ্ণ দায়িত্ব ৰাইজৰ হাতত অৰ্পণ কৰে । সভাখনতেই ৰাস উদযাপন সমিতিয়ে সাংসদগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে মন্দিৰৰ বিগ্ৰহ নিৰ্মাণ কৰা কাৰিকৰ গৰাকীকো সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত প্ৰাক্তন সাংসদগৰাকীৰ লগতে বিজেপিৰ কামৰূপ জিলা সমিতিৰ সভাপতি সুবল পাল প্ৰমুখ্যে বিজেপিৰ কেইবাগৰাকীও নেতা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

আনহাতে শ্ৰীশ্ৰী মা' বৈষ্ণু দেৱী মন্দিৰটো প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ পৰিয়ালে সুন্দৰভাৱে নিৰ্মাণ কৰি ৰাইজক অৰ্পণ কৰাৰ বাবে প্ৰাক্তন সাংসদগৰাকীক অঞ্চলটোৰ ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক:75 workers rescued from Arunachal: অৰুণাচলত আৱদ্ধ মৰিয়নিৰ ৮ শ্ৰমিকৰ লগতে ৭৫ শ্ৰমিকক উদ্ধাৰ

ABOUT THE AUTHOR

...view details