অসম

assam

এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল প্ৰাক্তন সেনা জোৱানৰ পৰিয়াল

By

Published : Aug 31, 2019, 6:00 PM IST

এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা কৰ্তন হ'ল প্ৰাক্তন সেনা জোৱানৰ পৰিয়ালৰ নাম ৷ এন আৰ চি সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ সময়ত উপযুক্ত প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰাৰ পিছতো নাম প্ৰকাশ নাপালে চূড়ান্ত তালিকাত ৷

এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল প্ৰাক্তন সেনা জোৱানৰ পৰিয়াল

ৰঙিয়া, 31 আগষ্টঃএন আৰ চিৰ চূড়ান্ত তালিকাত আশ্চৰ্যজনকভাৱে নাম নাহিল ৰঙিয়াৰ প্ৰাক্তন সেনা জোৱানৰ পৰিয়ালৰ ৷ শনিবাৰে প্ৰকাশ পেৱা এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নহ'ল প্ৰয়াত সেনা জোৱান আহমেদ আলীৰ পত্নীসহ 7 পুত্ৰ আৰু 3 কন্যাৰ লগতে নাতি-নাতিনীৰ নাম ৷ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত কাউৰবাহা এন আৰ চি কেন্দ্ৰত পৰিয়ালটোৱে এন আৰ চিৰ তথ্যৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উপযুক্ত প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰাৰ পাছতো চূড়ান্ত তালিকাত নাম প্ৰকাশ নোপোৱাত একপ্ৰকাৰ শংকিত হৈ পৰিছে পৰিয়ালটো ৷ তথ্যনুসৰি,সেনা জোৱান প্ৰয়াত আহমেদ আলীৰ পুত্ৰ চিৰাজুল ইছলামে শিক্ষক হিচাপে দোংপাৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। এন ডি এফ বি য়ে শিক্ষকগৰাকীক ধন দাবী কৰিছিল যদিও দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত তেওঁক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে । ইফালে,কাউৰবাহা অঞ্চলৰ প্ৰায় চল্লিশ শতাংশ পৰিয়ালৰ নাম এন আৰ চিত প্ৰকাশ নোপোৱাত ভয় আৰু শংকাত ভুগিছে গঞা ৰাইজ। তদুপৰি এন আৰ চিৰ কাম ৬ বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰাৰ পিছত এতিয়া মাত্ৰ ১২০ দিনতে সম্পূৰ্ণ কৰিব বুলি দিয়া চৰকাৰী আশ্বাসক সহজভাৱে ল'ব পৰা নাই চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰা প্ৰাক্তন সেনা জোৱানৰ পৰিয়ালটোৱে ৷

এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল প্ৰাক্তন সেনা জোৱানৰ পৰিয়াল

ABOUT THE AUTHOR

...view details