বকো,আমিনগাওঁ, 29 মে’: জীৱনৰ 30 বছৰ কাল দেশবাসীক সুৰক্ষা দি অৱশেষত নিজেই বিদেশী হিচাপে পৰিগণিত হ’ল মহম্মদ সোণাউল্লা ৷ ক'বলৈ ওলাইছো বিদেশী ন্যায়াধীকৰণৰ ৰায়দানত বিদেশী ঘোষণা হোৱা মহম্মদ সোণাউল্লাৰ কথা ৷ ১৯৮৭ চনত ভাৰতীয় সেনা-বিষয়া হিচাপে নিয়োজিত হৈছিল মহম্মদ সোণাউল্লা ৷ 2017 চনৰ 31 মে’ত অৱসৰ গ্ৰহণ কৰি 2018 চনত পুনৰ অসম আৰক্ষীত যোগদান কৰি বৰ্তমান সীমা আৰক্ষীৰ উপ পৰিদৰ্শক হিচাপে কৰ্মৰত ৷ কিন্তু দুখৰ বিষয় বিদেশী ন্যায়াধীকৰণৰ দৃষ্টিত তেওঁ এজন অবৈধ ভাৰতীয় নাগৰিক ৷ কোৱা হয় "AN ARMY DESERVES NOTHING BUT HE DESERVES RESPECT" কিন্তু সন্মান দূৰৰে কথা যিখন দেশৰ বাবে তেওঁ জীৱনৰ 30 বছৰ উচৰ্গা কৰিলে সেইখন দেশেই তেওঁক আজি বিদেশী সজালে ৷ 2008 বৰ্ষৰ পৰা বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছিল বিষয়াজনৰ বিৰুদ্ধে ৷ সেই মৰ্মে বিদেশী ন্যায়াধীকৰণৰ ৰায়দানত তেওঁক বিদেশী ঘোষণা কৰে ন্যায়ালয়ে ৷ কামৰূপ আৰক্ষীয়ে ইতিমধ্যে অবৈধ নাগৰিকত্বৰ অপৰাধত আটক কৰি প্ৰাক্তন সেনা বিষয়া সোণাউল্লাক গোৱালপাৰাৰ ডিটেনচন কেম্পলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে।
জীৱনৰ 30 বছৰ উচৰ্গা কৰি বিদেশীৰ আখ্যা - বিদেশী
কোৱা হয় "AN ARMY DESERVES NOTHING BUT HE DESERVES RESPECT" কিন্তু সন্মান দূৰৰে কথা যিখন দেশৰ বাবে তেওঁ জীৱনৰ 30 বছৰ উচৰ্গা কৰিলে সেইখন দেশেই তেওঁক আজি বিদেশী সজালে ৷
জীৱনৰ 30 বছৰ উসৰ্গা কৰি বিদেশীৰ আখ্যা
লগতে পঢ়ক: অভি-নীল হত্যাকাণ্ডঃ এবছৰে ন্যায়পালিকাত গোচৰ
এতিয়া প্ৰশ্ন হৈছে ১৯৮৭ চনত ভাৰতীয় সেনাত বিষয়া হিচাপে নিয়োজিত বিষয়াগৰাকী কেনেদৰে হ’ব পাৰে বিদেশী ৷ যদি মহম্মদ সোণাউল্লাৰ নাগৰিকত্ব সঁচাকৈয়ে অবৈধ আছিল,তাৰ অৰ্থ এইটো নেকি যে, বিদেশীয়ে সুৰক্ষা দি আছিল ভাৰতীয় নাগৰিকক ? অথবা ভাৰতীয় সেনাত ভৰ্তি হোৱাৰ সময়ত সঠিক ৰূপত হোৱা নাছিল নেকি নাগৰিকত্ব সম্বন্ধীয় নথি পত্ৰৰ পৰীক্ষণ ৷ সমগ্ৰ ঘটনাক এক ষড়যন্ত্ৰ হিচাপে আখ্যা দিছে বিষয়া গৰাকীৰ পৰিয়ালৰ লোকে ৷