গুৱাহাটী, ২৩ এপ্ৰিল: ৫৪ নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ন - বেলগুৰী নিম্ন প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সংঘটিত হৈছে ইভিএমৰ বিসংগতি । যান্ত্ৰিক বিজুতিৰ বাবে ৪ বাৰকৈ ইভিএমৰ সাল - সলনি কৰিব লগা হয় কেন্দ্ৰটোত । উক্ত কেন্দ্ৰটোত শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলেও ভোট দিবলৈ আহি ব্যাপক অসুবিধাৰ সম্মুখীন হ'বলগীয়া হোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ভোটাৰসকলে ।
পশ্চিম গুৱাহাটীত ইভিএম বিসংগতি - ETV BHARAT
পশ্চিম গুৱাহাটীৰ ন - বেলগুৰী নিম্ন প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ভোটাৰসকলে । যান্ত্ৰিক বিজুতিৰ বাবে ৪ বাৰকৈ ইভিএমৰ সাল-সলনি কৰিব লগা হয় কেন্দ্ৰটোত । ব্যাপক খেলি-মেলিৰ সৃষ্টি হোৱাত এতিয়া সকলো ভোটাৰে একেমুখে ধিক্কাৰ দিছে কৰ্তৃপক্ষক ।
EVM FAILURE AT WEST GUWAHATI
ইয়াৰোপৰি, প্ৰথমবাৰৰ বাবে ভোটদান সাব্যস্ত কৰিবলৈ আহি বহু যুৱক - যুৱতীয়ে বিস্ফোৰক মন্তব্য কৰে যে, এইয়াই তেওঁলোকৰ প্ৰথম আৰু শেষ ভোট । প্ৰায় ২৫০০ ভোটাৰ থকা কেন্দ্ৰটোত ব্যাপক খেলি - মেলিৰ সৃষ্টি হোৱাত এতিয়া সকলো ভোটাৰে একেমুখে ধিক্কাৰ দিছে ।