কামৰূপ,29 অক্টোবৰ: ছয়গাঁও ৰাজহ চক্ৰৰ কুকুৰমাৰা বাঙালকাটা ৰিজাৰ্ভত স্থানীয় প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ছয়গাঁও আৰক্ষী প্ৰশাসন তথা চক্ৰ বিষয়াৰ নেতৃত্বত চলোৱা হয় এই উচ্ছেদ অভিযান ৷
কুকুৰমাৰা বাঙালকাটা ৰিজাৰ্ভত প্ৰশাসনৰ উচ্ছেদ - Eviction at Soigaon, Kamrup
ছয়গাঁও ৰাজহ চক্ৰৰ কুকুৰমাৰা বাঙালকাটা ৰিজাৰ্ভত স্থানীয় প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ছয়গাঁও আৰক্ষী প্ৰশাসন তথা চক্ৰ বিষয়াৰ নেতৃত্বত চলোৱা হয় এই উচ্ছেদ অভিযান ৷
ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত তথা কুকুৰমাৰা গাঁৱৰ নিকটৱৰ্তী বাঙালকাটা ৰিজাৰ্ভত অৱশেষত উচ্ছেদ অভিযান চলালে স্থানীয় প্ৰশাসনে ৷ ছয়গাঁৱৰ স্থানীয় প্ৰশাসন তথা চক্ৰ বিষয়াৰ নেতৃত্বত তথা ছয়গাঁও আৰক্ষীৰ সহযোগত কুকুৰমাৰা লাটৰ অধীনষ্ঠ কুকুৰমাৰাৰ বাঙালকাটা চৰণীয়া ৰিজাৰ্ভত সোমবাৰে চলোৱা হয় এই উচ্ছেদ অভিযান ৷
উল্লেখযোগ্য যে প্ৰায় ৩১০ বিঘা মাটিৰে আৱৰি থকা বাঙালকাটা ৰিজাৰ্ভৰ প্ৰায় ১০০ বিঘাৰো অধিক মাটি এচাম লোকে দীৰ্ঘদিন ধৰি বেদখল কৰি বিভিন্ন খেতি বাতি কৰি আহিছিল। অৱশেষত কামৰূপ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে সোমবাৰে এই উচ্ছেদ কাৰ্য চলোৱা হয় ৷ ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰীতিলেখা ডেকাৰ নেতৃত্বত চলা এই উচ্ছেদ কাৰ্যত ছয়গাঁও আৰক্ষীৰ এটি বৃহৎ দলেও সহযোগিতা আগবঢ়াই।