অসম

assam

ETV Bharat / state

সকলোৰে আছে গণতান্ত্ৰিক প্ৰতিবাদ কৰা অধিকাৰ - অসম ভৱন

বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ অখিল গগৈ সম্পৰ্কত মন্তব্য

ৰমেন্দ্ৰ নাৰায়ন কলিতা

By

Published : Feb 3, 2019, 3:26 PM IST

গুৱাহাটী , ৩ ফেব্ৰুৱাৰী : অখিল গগৈক অসম ভৱনৰ পৰা উলিয়াই দিয়া সম্পৰ্কত বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ প্ৰতিক্ৰিয়া । গণতান্ত্ৰিক আন্দলনৰ বিৰোধিতা কৰাটো অনুচিত বুলি মন্তব্য বিধায়কগৰাকীৰ ।

ৰমেন্দ্ৰ নাৰায়ন কলিতা


দেওবাৰে মহানগৰীৰ গাড়ীগাঁৱত চাৰিটাকৈ পথৰ শিলান্যাস মুকলি কৰি এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই । সভাখনতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে অখিল গগৈয়ে অসম ভৱনৰ পৰা অখিল গগৈক ওলাই যাবলৈ দিয়া নিৰ্দেশ অনুচিত বুলি মন্তব্য কৰে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদৰ আঁৰত আলফা জড়িত থকা বুলি মন্তব্য কৰা সন্দৰ্ভতো প্ৰত্যুত্তৰ আগবঢ়াই বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয়ে কয় যে নিজৰ জাতিৰ অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত কাৰো নিৰ্দেশৰ প্ৰয়োজন নাই । ৰাইজে স্বতঃস্ফুৰ্তভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে বুলি তেওঁ মন্তব্য আগবঢ়াই ।

উল্লেখযোগ্য যে , বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰা ৭০ সংগঠনৰ সৈতে দিল্লীৰ অসম ভৱনত বাহৰ পাতিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে । বিৰোধী দলসমূবৰ নেতাসকলক সাক্ষাতৰ উদ্দেশ্যে দিল্লীলৈ ৰাওনা হৈছিল সংগঠনকেইটাই । কিন্তু অসম ভৱনৰ কৰ্তৃপক্ষই হঠাতে অখিল গগৈক অসম ভৱন খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা বিষয়টোৱে সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

ABOUT THE AUTHOR

...view details