ৰঙিয়া,১৭ জুন:যোৱা ১২ জুনত ইটিভি ভাৰতৰ জৰিয়তে শিমলুৱাৰ চাৰি বছৰে সম্পূৰ্ণ নোহোৱা এখন দলঙৰ বাতৰি সবিস্তাৰে প্ৰচাৰ হৈছিল । ঠিকাদাৰে নিজ মইমতালিৰে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাৰ ফলত ৰঙিয়া, হাজো, নলবাৰী সমষ্টিৰ সহস্ৰাধিক ৰাইজে বিপদজনকভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছিল । বাতৰি সম্প্ৰচাৰ হোৱাৰ এসপ্তাহ পিছতে তৎপৰ হৈছে স্থানীয় বিধায়ক তথা গড়কাপ্তানী বিভাগ ।
বাতৰিটো সম্প্ৰচাৰৰ কেইদিনমান পিছতেই ৰঙিয়াৰ বিধায়ক গৰাকী গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকখনত প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাৰ অভিযোগৰ ভিত্তিত দলং নিৰ্মাণৰ কামৰ বিষয়ে পৰ্যালোচনা কৰা হয় আৰু দলং খন নিৰ্মাণৰ দায়িত্বত থকা কেআইডিচি(KIDC) নামৰ নিৰ্মাণকাৰী কোম্পানীটোক কামৰ পৰা আঁতৰোৱা হয় ।