অসম

assam

ETV Bharat / state

ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰৰ পিছতে গা লৰিল গড়কাপ্তানী বিভাগৰ - Etv Bharat

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বাতৰি প্ৰকাশৰ পিছতে ৰঙিয়াৰ বৰকুকুৰীয়াত আৰম্ভ হ’ল দলং নিৰ্মাণৰ কাম ৷

Etv bharat news impact in rangia assam etv bharat news
ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰৰ পিছতে গা লৰিল গড়কাপ্তানী বিভাগৰ

By

Published : Jan 5, 2021, 8:45 AM IST

ৰঙিয়া,5 জানুৱাৰী:ৰঙিয়াৰ বৰকুকুৰীয়াত দেখা গ’ল ইটিভিৰ বাতৰিৰ প্ৰভাৱ । বিগত 18 ডিচেম্বৰত অঞ্চলটোৰ জয়ন্তীপুৰ-নোনাপাৰ সংযোগী বৰকুকুৰীয়াৰ দলংখনৰ নিৰ্মাণ কাৰ্যত সংঘটিত হেমাহিৰ বিষয়ে সবিস্তাৰে বাতৰি প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷ তাৰ পিছতে যেন তৎপৰ হৈ উঠিল দলং নিৰ্মাণকাৰী ঠিকাদাৰী সংস্থাটোৰ লগতে গড়কাপ্তানী বিভাগ ।

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: ৰাইজৰ সন্তুষ্টি

বাতৰি সম্প্ৰচাৰৰ পিছতে অঞ্চলটোৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই দলংখনৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে ৷ কিন্তু পুনৰ দলং নিৰ্মাণত বাধা ৰূপে থিয় দিছে বিদ্যুতৰ উচ্চ ক্ষমতা সম্পন্ন পৰিবাহী কেইডালমান তাঁৰ ৷ দলং নিৰ্মাণস্থলীৰ একেবাৰে ওপৰেৰে পাৰ হোৱা তাঁৰ কেইডালৰ বাবে যিকোনো সময়তে ঘটিব পাৰে বিপদ ৷ উল্লিখিত বিষয় সন্দৰ্ভত দুবাৰকৈ শক্তি বিভাগক লিখিতভাৱে অৱগত কৰা হৈছে যদিও বিষয় সন্দৰ্ভত কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে বিভাগটোৰ বিৰুদ্ধে ৷

বিদ্যুত পৰিবাহী তাঁৰে ভয়ংকৰ বিপদ মাতিব পাৰে দলং নিৰ্মাণকাৰী শ্ৰমিকৰ জীৱনলৈ

উল্লেখ্য যে, ৰাইজে আশংকা প্ৰকাশ কৰা অনুসৰি এই সমস্যাৰ বাবে পুনৰ দলং নিৰ্মাণৰ কাম বন্ধ হৈ পৰিব পাৰে ৷ সেয়ে শীঘ্ৰে এই সমস্যা সমাধান কৰি দলং নিৰ্মাণত অৰিহণা যোগাবলৈ ৰাইজে আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে চাওকঃকাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ

ABOUT THE AUTHOR

...view details