অসম

assam

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সোণাপুৰৰ ঘাট মাউৰা ভগ্নীত্ৰয়লৈ সহায়ৰ হাত - জেনিফাৰ য়াচমিন চৌধুৰী

পিতৃ-মাতৃ বিয়োগৰ পিচত অতি কষ্টেৰে জীৱন যাপন কৰা সোণাপুৰৰ তিনিগৰাকী ভগ্নীৰ কাষলৈ সহায়ৰ বাবে আগবাঢ়ি আহিল কেবাগৰাকীও ব্যক্তি । মঙলবাৰে তেওঁলোকৰ দুৰ্দশাৰ এক বাতৰি ইটিভি ভাৰতযোগে সম্প্ৰচাৰ হোৱাৰ পিচতে বুধবাৰে তেওঁলোকক সহায়ৰ হাত আগবঢ়াই সোণাপুৰৰ ৰাজহ চক্ৰ বিষয়া জেনিফাৰ য়াচমিন চৌধুৰী আৰু মহানগৰ জিলা পৰিষদৰ অধ্যক্ষ শিৰোমণি কোঁৱৰে ।

etv bharat impact story
etv bharat impact story

By

Published : Apr 30, 2020, 10:05 AM IST

গুৱাহাটী, 30 এপ্ৰিলঃসোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মালয়বাৰীৰ হিৰাপাৰাৰ পিতৃ-মাতৃহীন তিনিগৰাকী ভগ্নী । ৫ বছৰ পূৰ্বে পিতৃৰ বিয়োগ ঘটাৰ পিচতো মাতৃয়ে অশেষ কষ্টৰে ভৰণ-পোষণৰ চেষ্টা চলাইছিল পৰিয়ালটোক । কিন্তু 2 মাহ পূৰ্বে মৃত্যু মাতৃৰো । এটি চৰকাৰী গৃহ, এহাজাৰ টকাৰ আৰ্থিক সাহায্যই যেন চকুলো মুচিব পৰা নাই তেওঁলোকৰ । নিজৰ দুৰ্দশা বৰ্ণনা কৰিব নোৱাৰি উচুপি উঠিল এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ জয়মতী বড়ো নামৰ কিশোৰী গৰাকী । জয়মতীৰ দুয়োগৰাকী ভগ্নী বৰ্তমান দশম আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ।

সোণাপুতৰৰ ঘাট মাউৰা ভগ্নীত্ৰয়ক সহায়ৰ বাবে ওলাই আহিল ভিন্নজন

মঙলবাৰে তেওঁলোকৰ দুৰ্দশাৰ এক বাতৰি ইটিভি ভাৰতযোগে সম্প্ৰচাৰ হোৱাৰ পিচতে বুধবাৰে এই তিনিগৰাকী ভগ্নীৰ কাষত উপস্থিত হয়, সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জেনিফাৰ য়াচমিন চৌধুৰী । পৰিয়ালটোৰ কাষত উপস্থিত হৈ তেওঁলোকক খাদ্য সামগ্ৰীৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে । ইয়াৰোপৰি কামৰূপ মহানগৰ জিলা পৰিষদৰ অধ্যক্ষ শিৰোমণি কোঁৱৰ উপস্থিত হৈয়ো খাদ্য সামগ্ৰীৰ লগতে অন্যান্য সাহায্য প্ৰদান কৰে ভগ্নীত্ৰয়ক ।

লগতে পঢ়কঃকৃষকৰ পৰা ফচল ক্ৰয়ৰ বাবে উদ্যোগৰ মুৰব্বীক আহ্বান কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details