বিশ্ব পৰিবেশ দিৱস : এইবৰ্ষৰ বিষয়বস্তু "TIME OF NATURE" !
আজি বিশ্ব পৰিৱেশ দিৱস ৷ 2020 বৰ্ষত বিশ্ব পৰিবেশ দিৱসৰ মূল বিষয় হৈছে "TIME OF NATURE" ৷ মানৱ জাতিক পৰিবেশ তথা প্ৰকৃতি সংৰক্ষণৰ বিষয়ে সজাগ কৰাৰ বাবেই উদযাপন কৰা হয় এই দিৱস ৷
মুখ্যমন্ত্ৰী লৈ বোন্দাপৰ : ক্ষোভিত সাংবাদিকে দিলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি !
শিলচৰত মুখ্যমন্ত্ৰী সোণোৱালক লৈ অসন্তুষ্ট সংবাদকৰ্মী ৷ দিনৰ 12.30 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে অপেক্ষা কৰাৰ পাচতো সম্বোধন নকৰিলে মুখ্যমন্ত্ৰীয়ে ৷ যাৰ ফলত ক্ষোভিত সংবাদকৰ্মীসকলে অনুষ্ঠান বৰ্জন কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি দিয়ে ৷
বিস্ময়ঃ স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য যাত্ৰা ?
অসমীয়া আলোচনী জগতত স্বৰ্ণিল অধ্যায় ৰচনা কৰা "বিস্ময়"ৰ যাত্ৰা । আজিৰ পৰা ৫২ বছৰ পূৰ্বে "বিস্ময়"ক জন্ম দিয়া শশী ফুকন আজি যেন ক্লান্ত ! ভীষণ উদ্বিগ্ন নিজে জন্ম দিয়া,নিজ সন্তানৰ দৰে লালন পালন কৰি ৫২ বছৰীয়া কৰি তোলা "বিস্ময়" ৰ ভৱিষ্যতক লৈ ।
বিশ্বনাথত সাংবাদিকৰ সৈতে মত বিনিময় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক । এই বৈঠকত জিলা প্ৰশাসনৰ লগতে উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,গহপুৰৰ বিধায়ক উৎপল বৰা,তেজপুৰৰ সাংসদ পল্লৱলোচন দাস,অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়,অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত,ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ।
কৰ'ণা বিৰোধী যুঁজ : ধেমাজি জিলাৰ পৰিস্থিত পৰ্যবেক্ষণ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !
ধেমাজিত জিলাৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে বৃহস্পতিবাৰে নিশা উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বহিঃৰাজ্যৰ পৰা ধেমাজি জিলালৈ অহা ১৮০০ ব্যক্তি কোৱাৰাইণ্টাইন কৰা হৈছে বুলি জনালে মন্ত্ৰীগৰাকীয়ে ৷