অসম

assam

ETV Bharat / state

পুৱা দহ বজাৰ শীৰ্ষ বাতৰিসমূহ - পুৱা দহ বজাৰ শীৰ্ষ বাতৰিসমূহ

পুৱা দহ বজাৰ শীৰ্ষ বাতৰিসমূহ-

Etv Bharat Assam 10 am top ten news
পুৱা দহ বজাৰ শীৰ্ষ বাতৰিসমূহ

By

Published : Jun 3, 2020, 7:20 AM IST

Updated : Jun 3, 2020, 10:26 AM IST

দেৱাশীষ গগৈ হত্যাকাণ্ডঃ প্ৰায়াত ডা৹ দেবেন দত্তৰ পত্নীৰ প্ৰতিক্ৰিয়া

চৰকাৰক দোষীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত শিথিলতা নকৰি হত্যাকাৰীৰ চৰম শাস্তি মৃত্যুদণ্ড দিবলৈ আহ্বান জনাইছে প্ৰয়াত ডা৹ দত্তৰ পত্নী অপৰাজিতা দত্তই ।

নৈ পাৰত খেলি থাকোতেই সোঁতত উটি গ'ল পাঁচবছৰীয়া শিশু !

ৰঙিয়াৰ তিতকুৰিত পুঠিমাৰী নৈৰ পাৰত খেলি থকা অৱস্থাতে নদীত পৰিল এটি পাঁচ বছৰীয়া কন্যা শিশু । পুঠিমাৰী নৈৰ প্ৰবল সোঁতে উটুৱাই নিয়াৰ সন্দেহ কন‍্যা শিশুটিক। ১ নং তিতকুৰি গাঁৱৰ তৰিফ আলীৰ একমাত্ৰ সন্তান আছিল টিনা চুলতানা নামৰ কন্যগৰাকী । স্থানীয় লোকে নদীত বিচাৰ-খোচাৰ কৰাৰ পিচতো উদ্ধাৰ কৰিব নোৱাৰিলে টিনাক। লগে লগে খবৰ দিয়া হয় SDRF বাহিনীক ।

মহানগৰীৰ 19খন ভূমিস্খলন সম্ভাৱনাপূৰ্ণ পাহাৰক লৈ প্ৰশাসনৰ প্ৰস্তুতি

মহানগৰীত থকা ১৯ খন পাহাৰত কেইবা লাখ লোকে বসবাস কৰি আছে আৰু এই পাহাৰীয়া অঞ্চল সমূহৰ ৩৬৬ খন ঠাই ভূমিস্খলনৰ সম্ভাৱনা পূৰ্ণ অঞ্চল হিচাপে চিনাক্ত কাৰণ কৰা হৈছে । এই অঞ্চলসমূহত ভূমিস্খলন ৰোধ কৰাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা ।

অহা তিনি বছৰৰ ভিতৰত ৰাজ্যৰ 23 লাখ পৰিয়ালে পাব বিশুদ্ধ খোৱা পানী !

ভাৰত চৰকাৰৰ ঘৰে ঘৰে পাইপেৰে পানী দিয়া আঁচনি অনুসৰি অহা তিনি বছৰৰ ভিতৰত ৰাজ্যখনৰ 23 লাখ পৰিয়ালক বিশুদ্ধ পানী যোগান ধৰা হ'ব ৷ বাক্সাৰ মুছলপুৰত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই আশ্বাস দিয়ে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ এই জটিল সন্ধিক্ষণত প্ৰতিজন বিষয়া- কৰ্মচাৰীকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

চুবুৰীয়াৰ প্ৰহাৰত নিহত মহিলা

মঙলবাৰে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত চুবুৰীয়াৰ প্ৰহাৰত নিহত হয় এগৰাকী মহিলা ৷ দুটা শিশুৰ মাজত সৃষ্টি হোৱা সামান্য কাজিয়াৰ পৰাই এই সংঘৰ্ষৰ সূত্ৰপাত হয় ৷

সম্ৰাজনগৰঃ যিখন জিলাত এগৰাকীও লোক আক্ৰান্ত হোৱা নাই কৰ'ণা ভাইৰাছত

কেইবাটাও COVID-19 হটস্পটৰ মাজত থাকিও কৰ্ণাটকৰ সম্ৰাজনগৰ জিলাই নিজস্ব গভীৰ আৰু দূৰদৰ্শী নীতিৰে এই মহামাৰীক প্ৰত্যাহ্বান জনালে ৷ সমগ্ৰ প্ৰক্ৰিয়াটোত গাঁওবাসী আৰু গাঁৱৰ মুখিয়াল সকলৰ সংক্ৰিয় অংশগ্ৰহণৰ বাবেই জিলাখনত আজি পৰ্যন্ত এগৰাকীও লোক আক্ৰান্ত নহ'ল কৰ'ণা ভাইৰাছত ৷

স্খলিত মানৱতা আৰু এজনী গৰ্ভাৱতী হাতীৰ অপমৃত্যু !

কেৰালাৰ চাইলেন্ট ভেলী বনাঞ্চলত সংঘটিত হৈছে এটা নৃশংস ঘটনা ৷ আনাৰসৰ ভিতৰত শক্তিশালী ফটাকা বোমা ভৰাই খাবলৈ দিয়া হ'ল এজনী গাভিনী হাতীক ৷ স্থানীয় একাংশ লোকে সংঘটিত কৰিছে এই ঘটনা ৷ জানিব পৰা মতে, নিৰ্দয়ভাৱে আনাৰসৰ ভিতৰত ফটাকা আৰু বোমা ভৰাই খাবলৈ দিয়া হৈছিল হাতীজনীক ৷ মোহন কৃষ্ণ নামৰ বনকৰ্মীজনে ফেচবুকযোগে বৰ্ণনা দিয়াৰ পাচতেই এই ঘটনা পোহৰলৈ আহে ৷

চীনা সীমান্তত বন্ধ নহয় নিৰ্মাণকাৰ্যঃ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন

ভাৰত-চীন সীমান্তত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে ভাৰতৰ প্ৰতিৰক্ষা নিৰ্মাণকাৰী সংস্থা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনে মঙলবাৰে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৷ সংস্থাটোৱে চীন সীমান্তৰ কাষত চলি থকা আন্তঃগাঁথনিৰ নিৰ্মাণকাৰ্য কোনো কাৰণতে বন্ধ নহয় বুলি প্ৰকাশ কৰাৰ লগতে নিৰ্মাণকাৰ্য সম্পন্ন কৰিবলৈ ঝাৰখণ্ডৰ পৰা প্ৰায় 11 হাজাৰ শ্ৰমিক কঢ়িয়াই নিবলৈ ৰেল মন্ত্ৰালয়ক 11 খন বিশেষ ৰেলৰ ব্যৱস্থা কৰিবলৈ প্ৰস্তাৱ দিছে ৷

মোডী-ট্ৰাম্পৰ আলোচনাত ভাৰত-চীন সীমান্তৰ প্ৰসংগ !

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মাজত মংগলবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত ভাৰত-চীনৰ সীমা সমস্যা, জৰ্জ ফ্লয়েডৰ মৃত্যুকে আদি কৰি কেইবাটাও বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হয় ৷ টেলিফোনযোগে হোৱা এই সাক্ষাৎ অনুষ্ঠানত ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া জি-7 সন্মিলনৰ বাবে নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনায় ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

কৰ'ণাৰ পৰা হাত সাৰিবৰ বাবে অনুষ্কাই দিলে স্বচ্ছতাৰ পাঠ

অভিনেত্ৰী অনুষ্কা শৰ্মাই মঙলবাৰৰ দিনা স্বচ্ছতা বৰ্তাই ৰখা আৰু কৰ'ণা সংক্ৰমণ ৰোধ কৰাৰ বাবে স্বচ্ছতাৰ পাঠ দিয়ে দেশৰ সমূহ জনসাধাৰণক ৷ স্বচ্ছ ভাৰত অভিযানৰ লগত জড়িত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে স্বচ্ছ ভাৰত অভিযানক সহযোগ কৰি জনসাধাৰণৰ মাজত স্বচ্ছতাৰ শিক্ষা প্ৰদান কৰাৰ প্ৰয়াস কৰিছে ৷

Last Updated : Jun 3, 2020, 10:26 AM IST

ABOUT THE AUTHOR

...view details