ৰঙিয়া, 6 জুলাই : বাৰিষাৰ এই সময়ছোৱাত অস্থায়ীভাৱে হ'লেও খৰাখহনীয়া ৰোধ কৰিবৰ বাবে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছিল ৰাজ্যৰ চৰকাৰৰ জলসম্পদ বিভাগে ৷ কিন্তু এই তৎপৰতাৰ মাজতে ৰঙিয়াৰ হাচানটুকত বৰলীয়া নৈৰ ভয়াবহ গৰাখহনীয়াই বহু কেইটা পৰিয়ালৰ বাবে এতিয়া বিপদ মাতিছে ৷
জানিব পৰা মতে ৰঙিয়া হাচানটুকত বৰলীয়া নৈৰ ভয়াৱহ গৰাখহনীয়াৰ বাবে ২৫ টা পৰিয়ালৰ গৃহ ইতিমধ্যে জাহ গৈছে নৈৰ বুকুত । এতিয়াও অব্যাহত আছে বৰলীয়া নৈৰ ভয়াৱহ গৰাখহনীয়া ৷ দিনক দিনে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত এতিয়া আতংকিত হৈ পৰিছে ৰঙিয়াৰ হাচানটুকৰ নৈ পৰীয়া ৰাইজ ৷
ৰাইজৰ অভিযোগ অনুসৰি, বৰলীয়া নৈৰ গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধ কৰা ক্ষেত্ৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ খহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগে পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে এতিয়া ভয়ংকৰ ৰূপ লৈছে বৰলীয়া লৈৰ খহনীয়াই ৷