অসম

assam

ETV Bharat / state

Erosion of Baralia River: বৰলীয়া নৈৰ খহনীয়াই ধাৰণ কৰিছে ভয়াৱহ ৰূপ - কলমণিত বৰলীয়া নৈৰ খহনীয়া

বৰলীয়া নৈৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Erosion in Rangia) । বৰলীয়া অঞ্চলটোত নৈৰ সুঁতিয়ে নিজৰ গতিপথ সলনি কৰি পূৰ্বৰ স্থানৰ পৰা প্ৰায় পাঁচশ মিটাৰ দূৰলৈ আঁতৰি আহিছে । ফলত দুটা দশকতকৈও অধিক কালৰ পৰা হৈ থকা বৰলীয়া নৈৰ খহনীয়াত অঞ্চলটোৰ কেইবা শ হেক্টৰ কৃষি ভূমিকে ধৰি বহু গছ-গছনি জাহ গৈছে ।

Baralia River Erosion in Rangia
বৰলীয়া নৈৰ খহনীয়াই ধাৰণ কৰিছে ভয়াৱহ ৰূপ

By

Published : Dec 10, 2022, 2:15 PM IST

বৰলীয়া নৈৰ খহনীয়াই ধাৰণ কৰিছে ভয়াৱহ ৰূপ

ৰঙিয়া, 10 ডিচেম্বৰ: ৰঙিয়াৰ কলমণিত বৰলীয়া নৈৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Erosion in Rangia) । স্থানীয় ৰাইজে জনোৱা মতে, বৰলীয়া অঞ্চলটোত নৈৰ সুঁতিয়ে নিজৰ গতিপথ সলনি কৰি পূৰ্বৰ স্থানৰ পৰা প্ৰায় পাঁচশ মিটাৰ দূৰলৈ আঁতৰি আহিছে । ফলত দুটা দশকতকৈও অধিক কালৰ পৰা হৈ থকা বৰলীয়া নৈৰ খহনীয়াত ইতিমধ্যে অঞ্চলটোৰ কেইবা শ হেক্টৰ কৃষি ভূমিকে ধৰি বহু গছ-গছনি জাহ গৈছে । যাৰ ফলত ব্যাপক ক্ষতি সাধান হৈছে সাধাৰণ জনতাৰ (Erosion of Baralia River)৷

বছৰ বছৰ ধৰি অব্যাহত থকা বৰলীয়া নৈৰ খহনীয়াৰ ফলত অঞ্চলটোৰ বহু পৰিয়ালৰ ভেটি-মাটি জাহ যোৱাৰ ফলত বহু দুৰ্ভগীয়া পৰিয়ালে অন্য স্থানলৈ স্থানন্তৰিত হ’বলগীয়া হৈছে । খহনীয়াৰ ফলত অঞ্চলটোৰ ৰাজহুৱা খেলপথাৰ, কবৰস্থান আৰু শ্মশানৰ বহু অংশ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে (Baralia River Erosion)। বৰ্তমান নৈখনে গঢ়া খহাই অঞ্চলটোক নৈখনৰ পৰা ৰক্ষা কৰি অহা মথাউৰিৰ দিশে আগবাঢ়িছে ।

যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ ৰাইজে আশংকা প্ৰকাশ কৰা অনুসৰি যদিহে অনতিপলমে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত নৈ খনে মথাউৰি খহাই এক বৃহত্তৰ অঞ্চলত জলপ্ৰলয়ৰ সৃষ্টি কৰিব । লক্ষণীয়ভাবে কেইবা দশক ধৰি অঞ্চলটোত চলি অহা খহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্ৰত জলসম্পদ বিভাগে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ৰাইজৰ অভিযোগ অনুসৰি নৈখনৰ জৰিপ চলাই খৰালিৰ সময়ত খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিও বিভাগটোৱে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট গাফিলতি কৰি আহিছে ।

এই সমস্যাৰ বিষয়ে স্থানীয় ৰাইজে বহুবাৰ বিভাগটোক লিখিত তথা মৌখিকভাবে আবেদন কৰাৰ পিছতো কোনো সুফল লাভ নকৰাৰ অভিযোগ । ফলত যোৱা প্ৰায় চাৰি বছৰৰ পৰা স্থানীয় ৰাইজে একগোট হৈ নিজৰ গাঁঠিৰ ধন ভাঙি নৈৰ সুঁতিক বাধা দিবলৈ চেষ্টা কৰি আহিছে । কিন্তু নদীৰ কোবাল সোঁতে বাৰিষা হলেই ৰাইজৰ সকলো চেষ্টা মষিমূৰ কৰি অলপ অলপ কৈ গৰা খহাই নি আছে । গতিকে স্থানীয় ৰাইজে চৰকাৰ তথা প্ৰশাসনলৈ আহ্বান জনাইছে যাতে খহনীয়া ৰোধৰ ক্ষেত্ৰত এক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰি ৰাইজক শংকামুক্ত কৰে ।

লগতে পঢ়ক:Erosion in Kalgachia: খহনীয়াৰ কৱলত শওপুৰস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ

ABOUT THE AUTHOR

...view details