ই.পি. মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস পালন - দক্ষিণ কামৰূপ
দক্ষিণ কামৰূপত বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন চমুকৈ ই.পি.মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস পালন
ই.পি. মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস পালন
দক্ষিণ কামৰূপ, 05 চেপ্তেম্বৰঃ বুধবাৰে দক্ষিণ কামৰূপত বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন চমুকৈ ই.পি. মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসত সংগঠনটোৱে শিক্ষাবিদ তথা অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় ৷ লগতে ফটো সাংবাদিক বিনয় কলিতা আৰু জেষ্ঠ সাংবাদিক দীপক কলিতাক ই.পি মিডিয়া চাউথ কামৰূপ বঁটা প্ৰদান কৰে ৷ অনুষ্ঠানত পাৰ্থ সাৰথি মহন্ত আৰু সাংসদ কুইন ওজা উপস্থিত থাকি সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷