অসম

assam

ETV Bharat / state

ৰঙিয়াত বিশ্ব পৰিৱেশ দিৱস পালন - rangia college

ৰঙিয়াত শনিবাৰে বিশ্ব পৰিৱেশ দিৱস(world environment day) উপলক্ষে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্বেচ্ছাসেৱী সংগঠন প্ৰভাতী কিৰণৰ উদ্যোগত আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ সহযোগত গছপুলি ৰোপণ কৰা হয় ৷

environment_day_celebration_at_rangia
ৰঙিয়াত বিশ্ব পৰিবেশ দিৱস পালন

By

Published : Jun 6, 2021, 7:23 AM IST

ৰঙিয়া,6 জুন: শনিবাৰে ৰঙিয়াত স্বেচ্ছাসেৱী সংগঠন প্ৰভাতী কিৰণৰ উদ্যোগত আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । কাৰ্যসূচী অনুসৰি, শনিবাৰে পুৱা প্ৰভাতী কিৰণৰ সদস্যসকলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গছপুলি ৰোপণ কৰে । তাৰ পাচতে ৰঙিয়া মহাবিদ্যালয় পৰিসৰৰ ভিতৰত আম, জাম, কৃষ্ণচূড়া, আমলখি ইত্যাদি গছৰ পুলি ৰোপণ কৰে ।

ৰঙিয়াত বিশ্ব পৰিৱেশ দিৱস পালন

ইয়াৰ উপৰিও সংগঠনটোৱে ৰাইজৰ মাজত বিনামূলীয়াকৈ গছপুলি বিতৰণৰ কাৰ্যসূচী হাতত লয় । এই উপলক্ষে প্ৰভাতী কিৰণৰ সম্পাদক পংকজ বড়োৱে বৰ্তমান ক'ভিডৰ সময়ত হৈ থকা অক্সিজেনৰ নাটনিৰ প্ৰসংগ উত্থাপন কৰি কয় যে "কেৱল পৰিৱেশ দিৱসৰ দিনাই নহয়, আমি সকলোৱে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্ব আৰোপ কৰিব লাগে ৷ নতুন প্ৰজন্মক এই বিষয়ত আমি অনুপ্ৰাণিত কৰিব লাগে । গছপুলি ৰোপণ আৰু সংৰক্ষণৰ জৰিয়তহে আমি নিৰ্মল বায়ু সেৱন কৰি জীয়াই থাকিব পাৰিম নহ'লে পৃথিৱীখন এদিন জীৱকুলৰ কাৰণে বসবাসৰ অনুপযুক্ত হৈ পৰিব"৷

গছপুলি ৰোপণ

ৰঙিয়া মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰৱক্তা ডঃ হিতেশ বৰ্মন, প্ৰভাতী কিৰণৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, সম্পাদক পংকজ বড়ো তথা স্বেচ্ছাসেৱক যুৱক-যুৱতীসকলে চৰকাৰী ক'ভিড বিধি পালন কৰি উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰঙিয়াৰ উদীয়মান কবি অৰণ্যম কাশ্যপে নৱজ্যোতি সংঘৰ বাকৰিত এক কবিতানুষ্ঠানৰ আয়োজন কৰে ৷ এই অনুষ্ঠানত কবিতা পাঠ কৰে কেইবাগৰাকীও শিশু কবিয়ে ।

নতুন প্ৰজন্মৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্য আয়োজন কৰা অনুষ্ঠানটোত বক্তৃতা প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । এই প্ৰতিযোগিতাত বিশগৰাকী শিশুৱে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, শিশু সকলক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে একোটাকৈ গছ পুলি দিয়া হয় ।

লগতে পঢ়ক : কলগাছিয়াৰ বৰভিঠাত পালন বিশ্ব পৰিৱেশ দিৱস

ABOUT THE AUTHOR

...view details