ৰঙিয়া, ২৯ ছেপ্টেম্বৰ:ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ ৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে ৰাজ্যিক পৰ্যায়ৰ পোষণ মাহৰ সামৰণি (End of of Poshan Month at Rangia) অনুষ্ঠান ৰঙিয়াৰ দীপ্তেশ্বৰী আঞ্চলিক হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় । "সবল নাৰী, সাক্ষৰ শিশু, সুস্থ ভাৰত" শ্ল'গানেৰে দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় পোষণ মাহৰ (National Nutrition Month observed at Rangia)সামৰণি অনুষ্ঠানটোত মহিলা আৰু শিশু বিকাশ আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগ (Minister Ajanta Neog participated in Poshan Month),সাংসদ দিলীপ শইকীয়া, ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিধায়িকা সুমন হৰিপ্ৰিয়া উপস্থিত থাকে ।
এই অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মন্ত্ৰী নেওগে কয় যে, পুষ্টিহীনতাৰ পৰা মুক্ত অসম গঢ় দিয়াৰ লক্ষ্যৰে শিশুৰ পুষ্টিহীনতা দূৰীকৰণ, গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ ৰক্তহীনতা, কম ওজন আদি স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সজাগতা বৃদ্ধি কৰাই পোষণ মাহ উদযাপনৰ প্ৰধান উদ্দেশ্য ।
এখন 'পৰিপুষ্ট অসম' গঢ় দিয়াৰ এই অভিযানত একো একোগৰাকী সক্ৰিয় অংশীদাৰ হ'বলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে পোষণ অভিযানৰ তৎপৰতাত পুষ্টিহীনতাৰ পৰা স্বাভাৱিক স্বাস্থ্য ঘূৰাই পোৱা তিনিটি শিশুক বিশেষভাৱে উপহাৰৰ টোপোলা প্ৰদান কৰে ।