ছয়গাঁও, 1 জুনঃ কামৰূপৰ কুকুৰমাৰাৰ কলহী আৰু বাঠা নৈৰ বুকুত বেদখল আই টি চি নামৰ বহুজাতিক কোম্পানীটোৰ ৷ তেজপুৰত নৈৰ মাজত বৃহৎ দেৱাল নিৰ্মাণ কৰি বেদখল কৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷ বহুজাতিক কোম্পানীটোৰ এই হঠকাৰী কাৰ্যত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ দল সংগঠন ৷ কামৰূপৰ ছয়গাঁৱৰ নিকটৱৰ্তী তেজপুৰত স্থাপন কৰা আই টি চি নামৰ বহুজাতিক কোম্পানীটোৰ দক্ষিণ ফালেৰে বৈ যোৱা কলহী আৰু বাঠা নৈৰ বুকুত বেদখল কৰি নৈৰ বুকুত বৃহৎ দেৱাল স্থাপন কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ বিগত বৰ্ষতেই আই টি চি কৰ্তৃপক্ষই বাঠা নৈৰ মাজলৈ গৈ এক বৃহৎ অংশ আৰু কলহী নৈৰ একাংশত বেদখল কৰি নৈৰ বুকুত বৃহৎ দেৱাল দিয়াৰ কাম আৰম্ভ কৰে ৷ সেই সময়ত একাংশ সংবাদ মাধ্যমত এই বিষয়ে প্ৰকাশ পোৱাৰ পাচত স্থানীয় কেইবাটাও দল সংগঠন আই টি চিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল ৷ দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু ঐক্য সেনা নামৰ অনুষ্ঠানটোৰ লগতে কেইবাটাও অনুষ্ঠানে বহুজাতিক কোম্পানীটোৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে নিৰ্মীয়মাণ দেৱালৰ কাম বন্ধ কৰাৰ দাবীত কামৰূপ জিলা উপায়ুক্ত আৰু পলাশবাৰী ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰিছিল ৷ সেই সময়ত পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়াই সংগঠনসমূহক আই টি চিৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও বৰ্তমান পৰ্যন্ত কোনো গুৰুত্ব আৰোপ নকৰিলে চক্ৰ বিষয়াই ৷ এই ক্ষেত্ৰত এইবাৰ সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছয়গাঁও সমিতিয়ে আই টি চি কৰ্তৃপক্ষৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে দেৱাল নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় ৷ লগতে এই ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰক শীঘ্ৰে আই টি চিৰ দেৱাল নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় ৷ অন্যথা সংশ্লিষ্ট পক্ষ সমূহৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে সংগঠনটোৱে ৷
ৰিভাৰ ডলফিনৰ বিচৰণথলী কলহী নৈত বেদখল - assam news
নৈ দুখনৰ সংযোগথলী হৈছে পৃথিৱী বিখ্যাত ৰিভাৰ ডলফিনৰ বিচৰণথলী ৷ ইয়াৰোপৰি ৰিভাৰ ডলফিন তথা শিহুৰ প্ৰজননথলী বুলিও প্ৰকাশ কৰে বিশেষজ্ঞসকলে ৷ নৈ দুখনৰ প্ৰায় এক কিলোমিটাৰ এলেকাত আই টি চিয়ে বেদখল কৰি নৈৰ মাজত ওখ দেৱাল দিয়াৰ ফলত তাত থকা শিহু সকলৰ বাবে চৰম ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য স্থানীয় ৰাইজৰ ৷
উল্লখ্য যে, উক্ত নৈ দুখনৰ সংযোগথলী হৈছে পৃথিৱী বিখ্যাত ৰিভাৰ ডলফিনৰ বিচৰণথলী ৷ ইয়াৰোপৰি ৰিভাৰ ডলফিন তথা শিহুৰ প্ৰজননথলী বুলিও প্ৰকাশ কৰে বিশেষজ্ঞসকলে ৷ নৈ দুখনৰ প্ৰায় এক কিলোমিটাৰ এলেকাত আই টি চিয়ে বেদখল কৰি নৈৰ মাজত ওখ দেৱাল দিয়াৰ ফলত তাত থকা শিহু সকলৰ বাবে চৰম ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য স্থানীয় ৰাইজৰ ৷ বিশেষকৈ শিহুৱে জলকেলী কৰাৰ সময়ত ওখ দেৱালত খুন্দা খাই মৃত্যু মুখত পৰাটো নিচিন্ত বুলি কয় ৷ আনহাতে এই দেৱাল নিৰ্মাণেৰে নৈৰ দক্ষিণ পশ্চিম দিশে গৰাখহনীয়াৰ সৃষ্টি কৰিছে ৷ দেৱাল সম্পূৰ্ণ নিৰ্মাণ হ'লে নৈৰ গতি সলনি হৈ ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি হোৱাৰ লগতে বৃহত্তৰ কুকুকমাৰাৰ লগতে 17 নং ৰাষ্ট্ৰীয় ঘাই পথলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিব ৷