ৰঙিয়া, 7 ছেপ্তেম্বৰ :ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত(Rangia Sub-Division Welfare Office) কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে মইমতালিৰ অভিযোগ ৷ অভিযোগ অনুসৰি, খেয়াল-খুচি মতেহে কাৰ্যালয়লৈ আহে একাংশ চৰকাৰী কৰ্মচাৰী ৷
সোমবাৰে কাৰ্যালয়টোত দিনৰ 11 বজালৈ উপস্থিত হোৱা দেখা নগ’ল এজনো কৰ্মচাৰীক ৷ সময়মতে কাৰ্যালয়লৈ কৰ্মচাৰী নহাৰ বাবে বাহিৰতে অপেক্ষা কৰিবলগীয়া হৈছে ৰাইজে ৷ নিজৰ কৰ্মৰ প্ৰতি এইসকল কৰ্মচাৰী কিমান আগ্ৰহী, সেয়া এই অভিযোগৰ দ্বাৰা বুজিব পাৰি ৷