অসম

assam

ETV Bharat / state

তীৰ্থ নগৰী হাজো ভয়ংকৰ খহনীয়াঃ স্বপ্নভংগৰ দুখত ম্ৰিয়মাণ নৈপৰীয়া

পগলাদিয়া নদীৰ খহনীয়াৰ ফলত বহু পৰিয়ালৰ মাটি-ভেটি নদীৰ বুকুত জাহ যায় ৷ বান নিয়ন্ত্ৰণ আৰু গৰাখহনীয়া ৰোধত জলসম্পদ বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ ৷ নিশ্চুপ চৰকাৰ !

ভয়ংকৰ খহনীয়াৰ কৱলত তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চল

By

Published : May 6, 2019, 12:47 PM IST

হাজো , 06 মে': তীৰ্থ নগৰী হাজোত কাল ৰূপ ধাৰণ কৰিছে পগলাদিয়া নদীয়ে ৷ চকুৰ পচাৰতে শেষ হৈছে সকলো ৷ সৰ্বস্বান্ত হৈছে বহু পৰিয়াল ৷

ভয়ংকৰ খহনীয়াৰ কৱলত তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চল

ভয়ংকৰ খহনীয়াৰ কৱলত পৰিছে তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চল ৷ খহনীয়াৰ ফলত বিঘাই বিঘাই খেতি পথাৰ পগলাদিয়া নদীত জাহ যায় ৷ আনকি বহু পৰিয়ালৰ নিজৰ ভেটি-মাটিও পগলাদিয়া নদীত জাহ যায় ৷ ইপিনে কিছুসময়ৰ পাচত তেওঁলোকৰ ঘৰখনো নদীত জাহ যোৱাৰ আশংকাত নিজ হাতে সজা আপোন ঘৰ খনো ভাঙিব লগীয়া হৈছে দুৰ্ভগীয়া পৰিয়াল কেইটাই ৷ কিন্তু জলসম্পদ বিভাগে এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ অঞ্চলবাসীৰ ৷ ইয়াৰোপৰি তেওঁলোকৰ অভিযোগ, বিধায়িকা সুমন হাৰিপ্ৰিয়াই আজি পৰ্যন্ত তেওঁলোকৰ খবৰ লবলৈ অহা নাই ৷ প্ৰতিবছৰে পগলাদিয়াৰ বুকুত ঘৰ-বাৰী,খেতি-পথাৰ জাহ যায়, সেয়ে প্ৰকৃতিৰ কালৰূপত অঞ্চলবাসীৰ ঘৰ সপোনৰ খন জাহ যোৱাৰ পূৰ্বে অঞ্চলটোৰ ৰাইজে নিৰাপদ আশ্ৰয় বিচাৰি আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

...view details