দক্ষিণ কামৰূপ, 28 নৱেম্বৰ : মহানগৰীৰ সমীপৰ ৰাণীত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ পশুপালক আৰু পশু চিকিৎসা বিভাগে হাতত লৈছে বিশেষ পদক্ষেপ । পশু পালক আৰু পশু চিকিৎসা বিভাগে বনাঞ্চলত ৰোপন কৰিবলৈ লৈছে 'নিপিয়াৰ' নামৰ হাতীয়ে খায় ভাল পোৱা এবিধ বিশেষ ঘাঁহ ।
ইতিমধ্যে, মহানগৰীৰ সমীপৰ ৰাণী বনাঞ্চলত প্ৰাৰম্ভিক প্ৰকল্প হিচাপে কাম আৰম্ভ কৰিব পশু পালক আৰু পশু চিকিৎসা বিভাগে । লগতে, এনেকুৱা ধৰণৰ প্ৰকল্পৰ দ্বাৰাই হাতী-মানুহৰ সংঘাত লাঘব হ'ব বুলি আশা প্ৰকাশ কৰিছে পশু পালক আৰু পশু চিকিৎসা বিভাগৰ সচিব অশোক বৰ্মনে ।