অসম

assam

ETV Bharat / state

ৰঙিয়াত মৰণ ফান্দলৈ পৰিণত বিদ্যুৎ সংযোগ

ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড ৷ হাতেৰেই চুব পাৰে উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰ ৷ যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি শংকিত হৈছে অঞ্চলটোৰ ৰাইজে ৷

Electricity connection turned into a dying trap in Rangia
ৰঙিয়াত মৰণ ফান্দলৈ পৰিণত বিদ্যুৎ সংযোগ

By

Published : Jul 24, 2021, 5:46 PM IST

ৰঙিয়া, 24 জুলাই : বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই জলা-কলা খাবলগীয়া হৈছে ৰঙিয়াৰ বঙালীকুছিবাসীয়ে । বিভাগটোৰ কৰ্মকাণ্ডই বিপদৰ ফালে ঠেলি দিছে অঞ্চলটোৰ জনসাধাৰণক । কাৰণ কৰবাত যদি বিদ্যুতৰ তাঁৰ ওলমি হাতেৰে চুব পৰা হৈছে, কৰবাত আকৌ হাওলি গৈছে বিদ্যুতৰ খুটা (post) । বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে কেইবাটাও সম্ভাব্য দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে কেইবাজন লোক । অঞ্চলটোৰ জনসাধাৰণে এই সমস্যা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ লিখিত অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে ।

ইফালে অঞ্চলটোত বেছিভাগ সময়েই নাথাকে বিদ্যুৎ সেৱা । ইয়াৰ বিপৰীতে বিদ্যুৎ সেৱা থকা সময়খিনিতো নাথাকে পৰ্যাপ্ত পৰিমানৰ ভ’ল্টেজ । যাৰ ফলত এই প্ৰচণ্ড গৰমত জীয়াতু ভূগিবলগীয়া হৈছে গ্ৰাহক সকলে । বিদ্যুৎ বিভাগৰ এনে কৰ্মকাণ্ডৰ বাবে বিৰূপ প্ৰভাৱ পৰিছে অঞ্চলটোৰ ছাত্র-ছাত্ৰীসকলৰ ওপৰত । কাৰণ কৰ'ণা (Covid-19) ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰিছে লকডাউন(Lockdown) ব্যৱস্থা ৷ এই লকডাউনৰ বাবে চৰকাৰে সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ৷

ৰঙিয়াত মৰণ ফান্দলৈ পৰিণত বিদ্যুৎ সংযোগ

লকডাউনৰ (SOP) অনুসৰি বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰসকলে একলগে পাঠগ্ৰহণ কৰিব নোৱাৰিব ৷ তাৰ পৰিৱৰ্তে কিছু কিছু বিদ্যালয়ত অনলাইনযোগে পাঠদান চলি আছে ৷ কিন্তু অনলাইন পাঠ গ্ৰহণৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী সকল ৷ কাৰণ মোবাইল ফোনসমূহ চাৰ্জ দিব নোৱাৰাৰ বাবে প্ৰায়েই বঞ্চিত হ'ব লগা হৈছে ।

বিদ্যুৎ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ কাৰণেই জলা-কলা খাবলগীয়া হৈছে বুলি অভিযোগ কৰিছে বিদ্যুৎ সংযোগী গ্ৰাহকসকলে । তাৰোপৰি বিদ্যুতৰ তাঁৰসমূহ হাউলি যোৱাত যিকোনো সময়তেই ভয়ংকৰ দূৰ্ঘটনা সংঘটিত পাৰে বুলি শংকিত হৈছে অঞ্চলটোৰ ৰাইজ ৷ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বহুবাৰ অভিযোগ দিয়াৰ পিছতো সঠিক ব‍্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ইফালে চৰকাৰে ২৪ ঘণ্টাই বিদ্যুৎ সেৱা লাভ কৰিব বুলি বিভিন্ন সভাই সমিতিয়ে প্ৰচাৰ চলাইছে যদিও ৰঙিয়াৰ বঙালীকুছিৰ এই ছবিয়ে উদঙাইছে বিদ্যুৎ বিভাগৰ ফোঁপোলা স্বৰূপ। অৱশ্যে নতুন শক্তি মন্ত্ৰী বিমল বৰাই (Power Minister Bimal Bora) এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষ্যণীয় ৷

লগতে পঢ়ক-কলগাছিয়াত ভয়ংকৰ খহনীয়াত উচন শতাধিক পৰিয়াল

ABOUT THE AUTHOR

...view details