ৰঙিয়া, 30 অক্টোবৰ: ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড দেখি চকু কপালত উঠিছে ৰাইজৰ । জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা ৰঙিয়াৰ ভয়ৰাৰ বাসিন্দা ৰজনী ডেকালৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিছে ১ লাখ ১৫ হাজাৰ টকাৰ বিল । আগতে পৰিয়ালটোৰ মাহেকীয়া বিদ্যুৎৰ বিল ২০০ টকাৰ পৰা ৮০০ টকালৈ হৈছিল যদিও এইবাৰ বিলৰ পৰিমাণ হঠাতে ইমান বেছি হোৱাৰ বাবে হতভম্ব হৈ পৰিছে পৰিয়ালটো ।
এখন এক লাখ টকীয়া বিদ্যুৎৰ বিলে টোপনি কাঢ়িছে এটা পৰিয়ালৰ - ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড
এক লাখ পোন্ধৰ হাজাৰ টকাৰ বিদ্যুৎৰ বিল দেখি চকুকপালত উঠিল ৰাইজৰ ৷ ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড দেখি হতভম্ভ গাঁওবাসী ।
এক লাখ পোন্ধৰ হাজাৰ টকাৰ বিদ্যুৎৰ বিল
ৰজনী ডেকাৰ ঘৰত সামান্য বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ হোৱাৰ পাছতো এই অদ্ভুত বিলখন লাভ কৰি হাহাকাৰ লাগিছে ভুক্তভোগী পৰিয়ালটোৰ মাজত ৷ অনাকাংক্ষিতভাৱে হঠাৎ এনে আজৱ বিল লাভ কৰি পৰিয়ালটো হতভম্ব হৈ পৰিছে । কেৱল এই পৰিয়ালটোৱেই নহয়, গাঁওখনৰ বহু পৰিয়ালে পূৰ্বৰ তুলনাত ১০-২০ গুণ পৰ্যন্ত বেছিকৈ বিল পৰিশোধ কৰিব লগা হোৱাত দৰিদ্ৰ পৰিয়ালসমূহ চিন্তিত হৈ পৰিছে ।