ৰঙিয়া, 30 অক্টোবৰ : ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডই ৰাইজৰ চকু কঁপালত তুলিছে ৷ জলসিঞ্চন বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তথা ৰঙিয়াৰ ভয়ৰাৰ বাসিন্দা ৰজনী ডেকালৈ শক্তি বিভাগে প্ৰেৰণ কৰিছে এক লাখ পোন্ধৰ হাজাৰ টকাৰ বিদ্যুতৰ বিল । পূৰ্বে পৰিয়ালটোৰ মাহেকীয়া বিল 200-400 টকাৰ ভিতৰতহে আহিছিল যদিও হঠাৎ বৃহৎ অংকৰ বিল অহাত হতভম্ব হৈ পৰিছে পৰিয়ালটো ।
শক্তি বিভাগৰ আজৱ কাণ্ড, দিলে লক্ষাধিক টকাৰ বিল - 1 lakh 15 thousand bill in Rangia
ৰঙিয়াৰ এজন লোকৰ ঘৰত লক্ষাধিক টকাৰ বিদ্যুতৰ বিল অহাত হতভম্ব হৈ পৰিছে পৰিয়ালটো ৷ পূৰ্বৰ 200-400 টকাৰ পৰিৱৰ্তে 1 লাখ 15 হাজাৰ টকা বিল অহাত চিন্তিত পৰিয়ালটো ৷
1 লাখ 15 হাজাৰ টকাৰ বিদ্যুতৰ বিল
ৰজনী ডেকাই জানিবলৈ দিয়া অনুসৰি, তেওঁৰ ঘৰত সামান্য বৈদ্যুতিক সামগ্ৰীহে ব্যৱহাৰ হয় সেয়েহে এই বিল লাভ কৰাৰ পাচতে ভুক্তভোগী পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ কেৱল এই পৰিয়ালটোৱেই নহয়, গাঁওখনৰ বহু পৰিয়ালে পূৰ্বৰ তুলনাত 10-20 গুণ পৰ্যন্ত বেছিকৈ বিল পৰিশোধ কৰিবলগা হোৱাত অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালবোৰ চিন্তিত হৈ পৰিছে ।