ৰঙিয়া, 8 মাৰ্চঃনিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কেৱল ৰাজনৈতিক নেতা তথা দল সংগঠনৰে নহয়, তৎপৰতা বাঢ়িছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰো ৷ ৰঙিয়া আৰু কমলপুৰ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰঙিয়া মহকুমা প্ৰশাসন । ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰিজাইডিং আৰু পোলিং বিষয়া সমূহক প্ৰশিক্ষণ দিয়া হৈছে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৷
উল্লেখ্য যে, দেওবাৰৰ পৰা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শিক্ষক আৰু বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীক এই প্ৰশিক্ষণ দি থকা হৈছে ৷ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ বাবে প্ৰায় ৭০০ জন পোলিং আৰু প্ৰিজাইডিং বিষয়াক প্ৰশিক্ষণ দি থকা হৈছে ।