ছয়গাঁও,21 মাৰ্চ:ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব আৰম্ভ হৈছে ৷ ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিৰ অগপ প্ৰাৰ্থী ডাঃ কমলা কলিতাই বুধবাৰে কেইবা শতাধিক সমৰ্থকক লগত লৈ কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াৰ আগেয়ে অগপৰ প্ৰাৰ্থীগৰাকীয়ে দলীয় কৰ্মী সমৰ্থকক লৈ এক ৰেলীও উলিয়াই ৷
আনহাতে কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক ৰেকিবুদ্দিন আহমেদক বুধবাৰে বিপুল আদৰণি জনায় ছয়গাঁৱৰ ৰাইজে । পূৰ্বৰ অগপ বিধায়ক কমলা কলিতাৰ অপশাসনৰ অন্ত পেলাই একেৰাহে দুবাৰকৈ বিধায়ক নিৰ্বাচিত কৰাৰ পিছত এইবেলিও পুনৰবাৰ বিধায়ক নিৰ্বাচিত কৰাৰ পণ লৈ দলীয় কৰ্মী সমৰ্থকে বিধায়কগৰাকীক বিপুল আদৰণি জনায় । দলীয় কৰ্মী সমৰ্থকে বিধায়কগৰাকীক কুকুৰমাৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল কৰি আদৰি আনি ছয়গাঁৱৰ ৰাজীৱ ভৱনত বিপুল সম্বৰ্ধনা জনায় ।