অসম

assam

By

Published : Feb 4, 2021, 11:00 AM IST

ETV Bharat / state

মাৰ্চ মাহৰ পৰা অসমত চলাচল কৰিব বৈদ্যুতিক ৰেল

শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰেলেৰে যাতায়ত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানত উপস্থিত হ’ব পাৰিব যাত্ৰীসকলে। সম্প্ৰতি বৈদ্যুতিক ৰেল চলাচলৰ বাবে দিনে নিশাই বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰেল বিভাগৰ কৰ্মচাৰী সকলে ।

মাৰ্চ মাহৰ পৰা অসমত চলাচল কৰিব বৈদ্যুতিক ৰেল
মাৰ্চ মাহৰ পৰা অসমত চলাচল কৰিব বৈদ্যুতিক ৰেল

ৰঙিয়া,4 ফেব্ৰুৱাৰীঃমাৰ্চ মাহৰ পৰা অসমত চলাচল হ’ব বৈদ্যুতিক ৰেল ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱে অসমবাসীলৈ কঢ়িয়াই আনিছে সুখবৰ । আগন্তুক মাৰ্চ মাহৰ শেষৰ পৰা অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰেলৰ চলাচল । উল্লেখযোগ্য শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰেলেৰে যাতায়ত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানত উপস্থিত হ’ব পাৰিব যাত্ৰীসকলে । সম্প্ৰতি বৈদ্যুতিক ৰেল চলাচলৰ বাবে দিনে নিশাই বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰেল বিভাগৰ কৰ্মচাৰী সকলে ।

মাৰ্চ মাহৰ পৰা অসমত চলাচল কৰিব বৈদ্যুতিক ৰেল

আনহাতে ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও-চাংসাৰী,নিউ বঙাইগাঁও-যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যতিক তাৰত উচ্চ ক্ষমতা সম্পন্ন ২২ কে ভি ভল্টৰ বিদ্যুৎ সংযোগ কৰা হ’ব । ২৪ ঘন্টাই সজীৱ হৈ থকা এই বৈদ্যুতিক তাঁৰৰ ২ মিটাৰৰ ভিতৰত বৰ্তমান অকতৃত্বশীলভাৱে কাম কৰা,ষ্টেচনৰ বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰেল বিভাগে ।

লগতে পঢ়কঃডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেলেংকাৰীঃ কেইবাজনো বিষয়াক নিলম্বন

ABOUT THE AUTHOR

...view details