কামৰূপ, ২৪ এপ্ৰিল: অৱশেষত সাৰ পালে কামৰূপ জিলাৰ ৰঙিয়াৰ বন বিভাগে । নিতৌ চকুৰ সন্মুখতে অবৈধ ভাৱে শিল, বালি কঢ়িয়াই থকাৰ পাচতো কোনো ব্যৱস্থা নোলোৱা ৰঙিয়া বন বিভাগে ৰহস্যজনকভাবে নিশাটোৰ ভিতৰতে জব্দ কৰিলে তিনিখনকৈ ডাম্পাৰ । অভিযোগ অনুসৰি, বাক্সাৰ পৰা নিতৌ বন বিভাগৰ চকুত ধূলি দি অবৈধভাৱে শিল, বালি কঢ়িয়াই আহিছিল ডাম্পাৰকেইখনে । শুকুৰবাৰে নিশাও ডাম্পাৰকেইখনে শিল, বালি কঢ়িয়াই লৈ অহাৰ সময়ত বন বিভাগে চলোৱা তালাচী অভিযানত সঠিকভাৱে নথি-পত্ৰ জমা দিব নোৱাৰাৰ ফলত জব্দ কৰে তিনিখনকৈ ডাম্পাৰ ।
ৰঙিয়াত বন বিভাগৰ অভিযানত জব্দ তিনিখন শিলভৰ্তি ডাম্পাৰ - ৰঙিয়াৰ বন বিভাগ
চকুৰ সন্মুখতে ট্ৰাক আৰু ডাম্পাৰেৰে নিতৌ অবৈধভাৱে শিল, বালি কঢ়িয়াই থকাৰ পিচতো কোনো ব্যৱস্থা নোলোৱা ৰঙিয়াৰ বন বিভাগে ৰহস্যজনকভাৱে নিশাটোৰ ভিতৰতে জব্দ কৰিলে তিনিখনকৈ ডাম্পাৰ ।
![ৰঙিয়াত বন বিভাগৰ অভিযানত জব্দ তিনিখন শিলভৰ্তি ডাম্পাৰ ৰঙিয়াত জব্দ তিনিখনকৈ ডাম্পাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11521163-1036-11521163-1619253613073.jpg)
ৰঙিয়াত জব্দ তিনিখনকৈ ডাম্পাৰ
ৰঙিয়াত জব্দ তিনিখনকৈ ডাম্পাৰ
বৰ্তমান জব্দ কৰা ডাম্পাৰকেইখন ৰঙিয়াৰ বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে । উল্লেখযোগ্য যে, ৰঙিয়াত ডাম্পাৰৰ দৌৰাত্ম্যৰ বিষয়ে ৰাইজে বহুবাৰ অভিযোগ কৰি আহিছে যদিও প্ৰশাসনৰ তৰফৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰোপৰিও, বিগত কেইমাহমানৰ ভিতৰত ৰঙিয়াত ডাম্পাৰৰ খুন্দাত বহু লোক আহত হোৱাৰ লগতে কেইবাগৰাকীৰো মৃত্যু হৈছে ।
লগতে পঢ়ক: অ’এনজিচিৰ দুই কৰ্মচাৰীক উদ্ধাৰ