দক্ষিণ কামৰূপ, 23 অক্টোবৰ: কোভিড প্ৰট'কলৰ মাজেৰেই ৰাজ্যত আৰম্ভ হৈছে দুৰ্গতিনীশিনী দুৰ্গাৰ পূজা ৷ এইবাৰৰ পূজাত নাই পূৰ্বৰ দৰে জাকজমকতা, নাই কোনো আড়ম্বৰপূৰ্ণ প্ৰস্তুতি ৷ চৰকাৰী নীতি নিয়ম মানি কেৱল মাথো পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মিৰ্জাতো কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ চৰকাৰে জাৰি কৰা প্ৰতিটো ক’ভিড প্ৰট'কল পালন কৰি বিভিন্ন নীতি নিয়মৰ মাজেৰে পূজা অনুষ্ঠিত কৰিছে মিৰ্জাৰ দুৰ্গা পুজা পৰিচালনা সমিতিয়ে ৷
মিৰ্জাত অনুষ্টুপীয়াকৈ আয়োজন দুৰ্গা পূজা - Durga puja at Mirza
এইবাৰৰ পূজাত নাই পূৰ্বৰ দৰে জাকজমকতা, নাই কোনো আড়ম্বৰপূৰ্ণ প্ৰস্তুতি ৷ চৰকাৰী নীতি নিয়ম মানি কেৱল মাথো পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷
![মিৰ্জাত অনুষ্টুপীয়াকৈ আয়োজন দুৰ্গা পূজা Durga puja at Mirza amid Covid protocol](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9285377-thumbnail-3x2-p1.jpg)
মিৰ্জাত অনুষ্টুপীয়াকৈ আয়োজন দুৰ্গা পূজা
মিৰ্জাত অনুষ্টুপীয়াকৈ আয়োজন দুৰ্গা পূজা
উল্লেখ্য যে, চৰকাৰী ক’ভিড প্ৰটক'ল মানি ভক্তসকলৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পৰিচালনা সমিতিয়ে ৰাখিছে সুকীয়া দ্বাৰ ৷ কিন্তু পুজাস্থলীত পূৰ্বৰ দৰে নাই কোনো উচ্চাহ-উদ্দীপনা ৷ ভক্ত সকলৰো সেৰেঙা উপস্থিতি পৰিলক্ষিত দেখা গৈছে পূজা মণ্ডপত ৷
লগতে পঢ়কঃবাক্সাত ইউ.পি.পি.এল দলত কেইবাটাও সংগঠনৰ সদস্যৰ যোগদান