ৰঙিয়া,২৭ ছেপ্টেম্বৰ :ৰাজ্যৰ চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি চলিছে (Durga Puja preparation)। জাকজমকতাৰে দুর্গা পূজা উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে ৰঙিয়াৰ ঐতিহাসিক দ্বীপ্তেশ্বৰী দেৱালয়ত বৈদিক নিয়মেৰে পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে (Durga preparation in Dipteswari Devalaya)। ১৫৯৮ চনৰ পৰা দলৈ বংশৰ লোকসকলে চোৱাচিতা কৰা দেৱালয়খনত দেৱী অন্নপূৰ্ণাৰ বিগ্ৰহ আছে ।
আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনতেই স্থাপন হোৱা দেৱালয়খনত দেৱীৰ বিগ্ৰহ ভূগৰ্ভৰ প্ৰায় ১৯ ফুট গভীৰতাত আছে । বছৰৰ প্ৰতিটো সময়তে পানীয়ে ভৰি থকা দেৱীৰ বিগ্ৰহত যুগ যুগ ধৰি ভক্তসকলে পূজা-অৰ্চনা কৰি আহিছে । বছৰৰ বিভিন্ন সময়ত ঐতিহ্যমণ্ডিত দেৱালয়খনত দৈনন্দিন পূজাৰ লগতে বাৰ্ষিক দুৰ্গা পূজা, শ্যামা পূজা, শিৱৰাত্ৰী, লক্ষ্মীপূজা, জন্মাষ্টমী আদিত অগণন ভক্তৰ সমাগম হোৱা দেখা যায় ।
এই বছৰো একাদশ সংখ্যক দলৈ শ্ৰী গৌৰৱানন্দ দলৈৰ তত্বাৱধানত শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি চলোৱা হৈছে । দুর্গা পূজাত দেৱালয়খনত মূৰ্তি পূজাৰ সলনি বৈদিক নিয়মেৰে ঘট স্থাপন কৰি নৱপত্ৰিকাত পূজা কৰা হয় । লগতে সপ্তমী, অষ্টমী আৰু নৱমীৰ দিনা অৰ্ধৰাত্ৰি পূজা হোৱাৰ লগতে বলি-বিধান আৰু ভোগ আগবঢ়াই দেৱীৰ চৰণত । ইয়াৰ উপৰিও নৱমীৰ দিনাখন হোম যজ্ঞ, কুমাৰী পূজা আৰু দশমীৰ দিনাখন অপৰাজিতা পূজা হয় ।