ৰঙিয়া,28ফেব্ৰুৱাৰী:হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই এইবাৰ বিজেপিৰ পৰা প্ৰাৰ্থীত্ব নাপায় ৷ সুমন হৰিপ্ৰিয়া ব্যৰ্থ বাবে এইবাৰ হাজো সমষ্টি অগপক এৰি দিবলৈ ওলাইছে বিজেপিয়ে ৷ তদুপৰি কংগ্ৰেছৰ অস্তিত্বও নাইকীয়া হৈ গৈছে সমষ্টিত ৷ দেওবাৰে ৰঙিয়া মহকুমাৰ কঞাত অসম জাতীয় পৰিষদৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে হাজো সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী দুলু আহমেদে ৷ কেইবাশতাধিক সমৰ্থকেৰে ৰোড শ্ব' উলিয়াই প্ৰচাৰ অভিযান চলাই শক্তি প্ৰদৰ্শন কৰে অসম জাতীয় পৰিষদে ৷
বিজেপি আৰু কংগ্ৰেছক চিৰবিদায় দিবলৈ সাজু অসমৰ ৰাইজঃ দুলু আহমেদ - হাজো সমষ্টি
2021ৰ বিধানসভা নিৰ্বাচনত হাজো সমষ্টিত বিজেপি, কংগ্ৰেছ, অগপ কোনেও জয়লাভ কৰিব নোৱাৰে ৷ ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছক চিৰবিদায় দিবলৈও অসমৰ ৰাইজ সাজু ৷ দেওবাৰে ৰঙিয়া মহকুমাৰ কঞাত অসম জাতীয় পৰিষদৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে হাজো সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী দুলু আহমেদে ৷
ইপিনে ৰোড শ্ব'ত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ উপ-সভাপতি তথা সাম্ভাব্য প্ৰাৰ্থী দুলু আহমেদ বিজেপি আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ৷ আহমেদে 2021ৰ বিধানসভা নিৰ্বাচনত হাজো সমষ্টিত বিজেপি, কংগ্ৰেছ, অগপ কোনেও জয়লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৈ ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছক চিৰবিদায় দিবলৈও অসমৰ ৰাইজ সাজু হৈছে বুলি কয় দুলু আহমেদে ৷ আনহাতে,অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে অসমত অসম জাতীয় পৰিষদেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰি বিজেপি আৰু অগপৰ মাজত টিকট কেন্দ্ৰিক মুকলি বিদ্ৰোহ আৰম্ভ হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে দুলু আহমেদে ।
লগতে পঢ়কঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত: প্ৰদ্যুৎ বৰদলৈ