অসম

assam

ETV Bharat / state

উত্তৰ গুৱাহাটীৰ মাজগাঁৱত ভয়াৱহ ভূমিস্খলনৰ ঘটনা

বৃহস্পতিবাৰে নিশা অহা মূষলধাৰ বৰষুণৰ ফলত উত্তৰ গুৱাহাটীৰ মাজগাঁৱত সংঘটিত হয় ভয়াৱহ ভূমিস্খলনৰ ঘটনা । বৰষুণৰ ফলত পাহাৰৰ পৰা খহি অহা মাটিয়ে জাইকাৰ পানী যোগানৰ প্ৰকল্পটোৰো ক্ষতিসাধন কৰে । তাৰোপৰি এই ভূমিস্খলনৰ ফলত মাজগাঁও-শিলসাঁকো পথটোৰ বিস্তৰ ক্ষতিসাধন হয় । ভূমিস্খলনত কথমপি ৰক্ষা পৰে এটা বাসগৃহ ।

due-to-heavy-rain-landslide-at-north-guwahati
উত্তৰ গুৱাহাটীৰ মাজগাঁৱত ভয়াৱহ ভূমিস্খলনৰ ঘটনা

By

Published : Aug 14, 2020, 7:14 PM IST

উত্তৰ গুৱাহাটী,১৪ আগষ্ট: বৃহস্পতিবাৰে নিশা অহা মূষলধাৰ বৰষুণৰ ফলত উত্তৰ গুৱাহাটীৰ মাজগাঁৱত সংঘটিত হয় ভয়াৱহ ভূমিস্খলনৰ ঘটনা । এই ভূমিস্খলনত মাজগাঁও-শিলসাঁকো পথটো সম্পূৰ্ণ ৰূপে পোত খোৱাৰ লগতে জাইকাৰ পানী যোগানৰ প্ৰকল্পটোৰো ক্ষতিসাধন হয়।

উত্তৰ গুৱাহাটীৰ মাজগাঁৱত ভয়াৱহ ভূমিস্খলনৰ ঘটনা

বৃহস্পতিবাৰৰ নিশাৰ এই ভূমিস্খলনত অঞ্চলটোৰ এটা বাসগৃহ কথমপি ৰক্ষা পৰে যদিও বাসগৃহটোৰ চৌহদত থকা এখন বিলাসী বাহনৰ কিছু অংশ ভূমিস্খলনৰ মাটিত পোত যায় ।

স্থানীয় লোকৰ অভিযোগ জাইকা নামৰ প্ৰতিস্থানটোৱে কোনো ধৰণৰ গাৰ্ডৱাল নিৰ্মাণ নকৰাকৈয়ে পাহাৰৰ ওপৰত পানী যোগানৰ বৃহৎ টেংকি স্থাপন কৰাৰ বাবেই এই ঘটনা সংঘটিত হ'বলৈ পাইছে । ফলত এজাক বৰষুণতেই অঞ্চলটোত সংঘটিত হৈ আহিছে ভূমিস্খলনৰ দৰে ভয়াৱহ ঘটনা ।

স্থানীয় ৰাইজে এই বিষয়ে প্ৰতিস্থানটোক অৱগত কৰি অবিজ্ঞান সন্মতভাৱে কৰি থকা কামবোৰ স্থগিত কৰি অঞ্চলটোত ভূমিস্খলনৰ দৰে ঘটনা ৰোধিবৰ বাবে আহ্বান জনাই আহিছে যদিও প্ৰতিস্থানটোৱে দিয়া নাই কোনো গুৰুত্ব ।

লগতে চাওকঃ স্বাধীনতা দিৱস উপলক্ষে চিৰাঙত কটকটীয়া নিৰাপত্তা বেষ্টনী

ABOUT THE AUTHOR

...view details