অসম

assam

ETV Bharat / state

কৰ'ণাৰ আতংক : লক্ ডাউনৰ সমান্তৰালকৈ চলিছে ছেনিটাইজেচন ! (দ্বিতীয় দিন) - ৰঙিয়াত পৌৰসভাৰ নেতৃত্বত ছেনিটাইজেচন

RANGIA LATEST LOCK DOWN SITUATION UPDATE

গোৱালপাৰাত সষ্টম জিলা প্ৰশাসন
গোৱালপাৰাত সষ্টম জিলা প্ৰশাসন

By

Published : Mar 26, 2020, 1:09 PM IST

Updated : Mar 26, 2020, 2:54 PM IST

14:47 March 26

জনসমাগম ৰোধ কৰিবলৈ টীয়ক পৌৰসভাৰ বিশেষ পদক্ষেপ !

জনসমাগম ৰোধ কৰিবলৈ টীয়ক পৌৰসভাৰ বিশেষ পদক্ষেপ

টীয়ক, 26 মাৰ্চ : সমগ্ৰ দেশতে কৰ'ণা ভাইৰাচ প্ৰতিৰোধৰ বাবে জাৰী কৰা হৈছে লক্ ডাউন ৷  এই লক্ ডাউনৰ সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহ খোলা আছে যদিও বিশেষকৈ বুধবাৰে সন্ধিয়া টীয়কত প্ৰায় সংখ্যক গেলামাল তথা দৰবৰ দোকানৰ সন্মুখত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয় । প্ৰশাসনে বহুবাৰ এই বিক্ৰেতা তথা গ্ৰাহকসকলক জন সমাগম নকৰিবলৈ আহ্বান জনাইছিল যদিও ঠাই বিশেষে আৰক্ষীৰ সহায়তহে ভিৰ ভাঙিবলগীয়া পৰিস্থিতি আহি পৰে । সেয়ে বৃহস্পতিবাৰে পুৱাই টীয়ক পৌৰসভাই জৰুৰীকালীন দোকান সমূহৰ সন্মুখত যাতে জনসমাগম নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৌৰপতি ৰফিক উজ জামানৰ নেতৃত্বত বেচৰকাৰী সামাজিক সন্থা সৃষ্টি আৰু ৰেঙনিৰ সহযোগত পৌৰ এলেকাৰ প্ৰতিখন গেলামাল তথা দৰবৰ দোকানৰ সন্মুখত এক মিটাৰ দূৰত্বত বগা ৰঙেৰে বাকচ আঁকি সেই বাকচতহে গ্ৰাহকসকলক ৰ'বলৈ আহ্বান জনাইছে । লগতে দোকানসমূহৰ স্বত্বাধিকাৰীসকলক এই নিয়ম যাতে সুচাৰুৰূপে পালন হয় তাৰ প্ৰতি কাঢ়া হ'বলৈ নিৰ্দেশ দিয়ে । যদি এই নিয়ম কোনোৱে অমান্য কৰে তেন্তে তেওঁৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকিয়নী প্ৰদান কৰে   ।

14:45 March 26

চৰকাৰে শিলচৰত পৰ্যাপ্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ কংগ্ৰেছৰ

চৰকাৰে শিলচৰত পৰ্যাপ্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ কংগ্ৰেছৰ

শিলচৰ, 26 মাৰ্চ :কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লক্ ডাউন আৰম্ভ হোৱাৰ পিচত শিলচৰ চহৰৰ বিভিন্ন ঠাইত পৰ্যাপ্ত ব্যৱস্থা লোৱা নাই বুলি অভিযোগ কৰিছে কংগ্ৰেছ দলে । শিলচৰ জিলাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰই এটা বিবৃতি প্ৰদান কৰি সকলো ঠাইত ঔষধ আৰু গেলামালৰ দোকান পোহাৰ খোলা ৰাখিবলৈ দাবী উত্থাপন কৰিছে । লক্ ডাউনৰ বাবে বজাৰত বাঢ়ি গৈছে শাক-পাচলিৰ দাম । আলু 30 টকা, স্কোৱাচ্ 80 টকা বন্ধাকবি 80 টকাকৈ প্ৰতি কিলোগ্ৰাম বিক্ৰী হৈছে ।

14:44 March 26

লক্ ডাউন উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ বৰপেটা জিলা প্ৰশাসন

লক্ ডাউন উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ বৰপেটা জিলা প্ৰশাসন

বৰপেটা, 26 মাৰ্চ : কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশত জাৰি কৰা হৈছে জৰুৰী অৱস্থা ৷  লক্ ডাউনৰ মাজতেই বৃহস্পতি বৰপেটা চহৰত চেনিটাইজেছনৰ কাম আৰম্ভ কৰিছে জিলা প্ৰশাসনে ৷ এছ ডি আৰ এফৰ জোৱানৰ সহযোগত এইদৰে বৰপেটা চহৰত আৰম্ভ হৈছে চেনিটাইজেচনৰ কাম ৷ ইপিনে বৰপেটা জিলাৰ অধিকাংশ অঞ্চলতে এতিয়াও পৰা নাই লক্ ডাউনৰ কোনো প্ৰভাৱ ৷ লক্ ডাউনৰ প্ৰভাৱ নপৰা সংখ্যালঘু অধ্যুষিত অঞ্চলসমুহৰ ৰাইজক চৰকাৰী নিৰ্দেশ পালনৰ অনুৰোধ জনাইছে বৰপেটা জিলা প্ৰশাসনে ৷ চৰকাৰী নিৰ্দেশ অমান্য কৰি লক্ ডাউন উলংঘা কৰা লোক সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকিয়নী প্ৰদান কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷

14:43 March 26

হাইলাকান্দিত আৰক্ষীৰ সজাগতা অভিযান

হাইলাকান্দিত আৰক্ষীৰ সজাগতা অভিযান

হাইলাকান্দি, 26 মাৰ্চ : ন'ভেল কৰ'ণা  বা ক'ভিড-19 ৰ পৰা পৰিত্ৰাণ পাবলৈ গোটেই দেশত চলিছে লক্ ডাউন । এই লক্ ডাউন অমান্যকাৰী সকলৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা লৈছে আৰক্ষীয়ে ।  হাইলাকান্দিত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । হাইলাকান্দি জিলাৰ কালাছেড়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় গোস্বামী আৰু থানাৰ আন সকলো আৰক্ষী জোৱানে বৃহস্পতিবাৰে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে চলালে সজাগতা অভিযান ৷ কালাছেড়া থানা এলেকাত থকা চাহ বাগিচা সমূহৰ ৰাইজৰ ঘৰে ঘৰে গৈ সজাগতা অভিযান চলালে আৰক্ষী জোৱান সকলে । লগতে বিনামূল্যে বিতৰণ কৰিলে মাস্ক, চাবোন, হেণ্ড ছেনিটাইজাৰ আদি ৷

14:42 March 26

ৰঙিয়াত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বান্ধিলে বেৰিকেড

ৰঙিয়াত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বান্ধিলে বেৰিকেড

ৰঙিয়া, 26 মাৰ্চ :সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো লক্ ডাউনৰ ব্যাপক প্ৰভাৱ পৰিছে । কৰ'ণা ভাইৰাছৰ পৰা ৰাইজক ৰক্ষা কৰাৰ বাবে বন্ধ কৰি দিয়া হৈছে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ।  ঘাইপথটোৰ ওপৰত বান্ধি দিয়া হৈছে বেৰিকেড আৰু বাঁহ । মহকুমা প্ৰশাসনৰ নিৰ্দেশত আৰক্ষীয়ে এনেদৰে বন্ধ কৰি দিছে ৰাষ্ট্ৰীয় ঘাইপথটো । বহিঃৰাজ্যৰ পৰা যাতে কোনো বাহনে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে  কঠোৰ পদক্ষেপ লৈছে আৰক্ষীয়ে  । এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহিনী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনৰ বাহিৰে আন কাকোৱে ৰেহাই দিয়া নাই প্ৰশাসনে । কোনোৱে যদি আইন অমান্য কৰি ৰাজপথলৈ ওলাই আহিছে তেন্তে তেনে চালকৰ বিৰুদ্ধে লৈছে দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কতা ঘোষণা কৰিছে প্ৰশাসনে ।

12:30 March 26

গোৱালপাৰাত সষ্টম জিলা প্ৰশাসন !

গোৱালপাৰাত সষ্টম জিলা প্ৰশাসন !

গোৱালপাৰা, 26 মাৰ্চ :গোৱালপাৰা জিলা প্ৰশাসনৰ ঘোষণা অনুসৰি বৃহস্পতি বাৰৰ পৰা বন্ধৰ সময়ছোৱাত জিলাখনৰ গেলামাল দোকান সমূহ পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ খোলা ৰাখিব পাৰিব। প্ৰতিজন বিক্ৰেতাক নিয়ম মানি চলিবলৈ নিৰ্দেশ প্ৰশাসনৰ । এজন গ্ৰাহকে তিনিদিনৰ বজাৰ এদিনতে কৰিব লাগিব আৰু তিনি দিনৰ ভিতৰত এজন গ্ৰাহক যদি বজাৰ কৰিবলৈ আহে তেন্তে আইন মতে দণ্ডনীয় হ'ব । তাৰ বাবে জিলা প্ৰশাসনে প্ৰতিজন বিক্ৰেতাক গ্ৰাহকৰ সম্পূৰ্ণ ঠিকনা আৰু যোগাযোগ নম্বৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে আৰু প্ৰতিজন বিক্ৰেতাই প্ৰতিজন গ্ৰাহকক এক মিটাৰ দূৰত্বতৰ ব্যৱধানত বয়-বস্তু বিক্ৰী কৰিব লাগিব । দোকান সমূহৰ সন্মুখত পানী আৰু হেণ্ডৱাছ বাধ্যতামূলক ভাৱে ৰাখিব লাগিব অন্যথা বিক্ৰেতাসকলৰ ওপৰত প্ৰশাসনে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে। অৱশ্যে জৰুৰীকালীন সেৱা সমূহৰ বাবে এই আদেশ প্ৰযোজ্য নহয় ৷ 
 

10:55 March 26

ৰঙিয়াত পৌৰসভাৰ নেতৃত্বত ছেনিটাইজেচন !

ৰঙিয়াত পৌৰসভাৰ নেতৃত্বত ছেনিটাইজেচন !

ৰঙিয়া,26 মাৰ্চ : অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত ছেনিটাইজেছনৰ চেষ্টা হৈছে ৰঙিয়া নগৰত ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে ৰঙিয়া পৌৰসভাই এইদৰে ছেনিটাইজেচনৰ ব্যৱস্থা কৰিছে । অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত সমগ্ৰ নগৰখনতে এফালৰ পৰা স্প্ৰে' কৰা হৈছে ছেনিটাইজাৰ । বুধবাৰে নিশা ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী সীমা বৈশ্য‌ই নিজে নেতৃত্ব দি এনেদৰে নগৰখন বীজাণুমুক্ত কৰাৰ বাবে এই ব্যৱস্থা কৰে ।
 

Last Updated : Mar 26, 2020, 2:54 PM IST

ABOUT THE AUTHOR

...view details