কামৰূপ,30 জুনঃৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ শোলমাৰীত বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰিছিল প্ৰদীপ ৰাভা নামৰ এফ চি আইত কৰ্মৰত বিষয়াগৰাকীক ৷ ইয়াৰ পিছতে প্ৰদীপ ৰাভাৰ ধূপধৰাৰ হীৰাপাৰাৰ বাসগৃহত উপস্থিত হৈ প্ৰদীপ ৰাভাৰ পৰিয়ালৰ অৱস্থাৰ বুজ ল'লে দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই ৷
হাতীৰ আক্ৰমণত নিহত ব্যক্তিৰ ঘৰত দুধনৈৰ বিধায়ক - দুধনৈৰ বিধায়ক
ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ বিশেষকৈ গোৱালপাৰা জিলাৰ লগতে ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হোৱা হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ বাবে পৰ্যালোচনা কৰি আছে বুলি জনাইছে দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই ৷
হাতীৰ আক্ৰমণত নিহত ব্যক্তিৰ ঘৰত দুধনৈৰ বিধায়ক
হাতীৰ আক্ৰমণত নিহত ব্যক্তিৰ ঘৰত দুধনৈৰ বিধায়ক
বিধায়কগৰাকীয়ে ব্যক্তিগতভাবে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত পৰিয়ালটোক সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । বিধায়ক দীপক কুমাৰ ৰাভাই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই যে,গোৱালপাৰা জিলাৰ লগতে ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হোৱা হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ বাবে পৰ্যালোচনা কৰি আছে ।
লগতে পঢ়কঃৰাজ্যত বানত মৃতকৰ সংখ্যা 24 জনলৈ বৃদ্ধি