ৰঙিয়া,৬ মে': নকল সোণৰ বিৰুদ্ধে অব্য়াহত আৰক্ষীৰ অভিযান(Police raid against fake gold) । তাৰ মাজতেই আৰক্ষীৰ চকুত ধুলি দি একাংশই চলাই গৈছে নকল সোণৰ ৰমৰমীয়া বেহা । এইবাৰ ৰঙিয়াত নকল সোণৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান ।
অভিযানত নকল সোণসহ জালত পৰে এজন যুৱক(Rangia Police arrest youth with fake gold) । এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই হাতে লোটে আটক কৰে যুৱকজনক । যুৱকজনৰ হাতৰ পৰা ৪ খনকৈ নকল সোণৰ বিস্কুট উদ্ধাৰ কৰে আৰক্ষীয়ে ।