অসম

assam

ETV Bharat / state

ছয়গাঁৱত ড্ৰাগছ আৰু নগদ ধনসহ আটক দুজন - drugs

শুকুৰবাৰে নিশা এক গোপন সুত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত, ছয়গাঁও ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীয়ে চণ্ডিকা গেটৰ সমীপত দুজন অভিযুক্তৰ সৈতে তিনিটা ড্ৰাগছৰ কণ্টেইনাৰ, এখন স্কুটি আৰু ৫৫৯০ টকা নগদ ধন জব্দ কৰে ৷

ড্ৰাগছসহ দুজনকৈ অভিযুক্ত
ড্ৰাগছসহ দুজনকৈ অভিযুক্ত

By

Published : Aug 22, 2020, 4:04 PM IST

ছয়গাঁও, 22 আগষ্ট:ছয়গাঁও আৰক্ষীৰ জালত ড্ৰাগছসহ দুজনকৈ অভিযুক্ত ৷ শুকুৰবাৰে নিশা এক গোপন সুত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এক অভিযান চলোৱা হৈছিল ৷ কপিল পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ছয়গাঁৱৰ চণ্ডিকা গেটৰ ওচৰত অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী কেইজনক আটক কৰাৰ লগতে, আটকাধীন অভিযুক্ত কেইজনৰ পৰা তিনিটা ড্ৰাগছৰ কণ্টেইনাৰ, এখন স্কুটি আৰু ৫৫৯০ টকা নগদ ধন জব্দ কৰে ৷

ছয়গাঁৱত ড্ৰাগছ আৰু নগদ ধনসহ আটক দুজন

অভিযুক্তৰ দলটোৱে চণ্ডিকা গেটত আৰক্ষীক দেখা পাই পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও, আৰক্ষীয়ে অভিযুক্ত কেইজনক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ হাতত ধৰা পৰাৰ আগমূহুৰ্তত অভিযুক্ত কেইজনে লগত থকা ড্ৰাগছৰ কণ্টেইনাৰবোৰ দলিয়াই দিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ যাৰ বাবে আৰক্ষীয়ে কেৱল তিনিটা কণ্টেইনাৰহে জব্দ কৰিবলৈ সক্ষম হয় ৷

আটকাধীন লোক দুজন ৰামপুৰৰ অমৰ মজুমদাৰ আৰু প্ৰকাশ কলিতা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি চক্ৰটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আছিল ৷ শুকুৰবাৰেও তেওঁলোকে বিজয়নগৰৰ কোনো ব্যক্তিৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে দলটোৱে ৷ আনহাতে ধৃত অভিযুক্ত কেইজন অন্য অপৰাধমূলক কামতো জড়িত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ যোৱা ২৩ এপ্ৰিলতো ৰামপুৰ অভাৰব্ৰিজৰ তলত এজন ব্যক্তিৰ পৰা ম'বাইল আৰু নগদ ধন কাঢ়ি নিয়াৰ অপৰাধত পলাশবাৰী আৰক্ষী থানাৰ ১৯৭/২০২০ নম্বৰ গোচৰত, অভিযুক্ত কেইজন গ্ৰেপ্তাৰ হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:কামপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details