ৰঙিয়া,24 মে’: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ দেওবাৰে ৰঙিয়াৰ বালাগাঁৱত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে লক্ষাধিক টকাৰ ড্ৰাগছ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত মনোৱাৰ আলী ওৰফে মনোৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ৷ লগতে আটক কৰে মনোৱাৰ আলীক ৷ কেইবাটাও কন্টেইনাৰত ভৰোৱা আছিল ড্ৰাগছখিনি ৷
ৰঙিয়াৰ বালাগাঁৱত লক্ষাধিক টকাৰ ড্ৰাগছসহ এজনক আটক - ড্ৰাগছ
দেওবাৰে ৰঙিয়াৰ বালাগাঁৱত আৰক্ষীৰ অভিযানত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ ৷ ইয়াৰ লগতে আটক কৰা হয় মনোৱাৰ আলী নামৰ এজনক ৷
ৰঙিয়াৰ বালাগাঁৱত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ, আটক এজন
আনহাতে, স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, দুদিন পূৰ্বে অজন নিচাসক্ত যুৱকক চুৰি কৰি থকা অৱস্থাত স্থানীয় ৰাইজে হাতে-লোটে ধৰি গতাই দিয়ে আৰক্ষীক ৷ ৰঙিয়া আৰক্ষীয়ে সময়ে সময়ে ৰাইজৰ সহযোগত অথবা নিজা প্ৰচেষ্টাত আটক কৰি আহিছে ড্ৰাগছৰ লগত জড়িত বহু অপৰাধীক ৷ তথাপিও ৰঙিয়াৰ পৰা ড্ৰাগছৰ শিপাডাল সম্পূৰ্ণ ৰূপে উভালি পেলাবলৈ সক্ষম হোৱা নাই ৰঙিয়া আৰক্ষী ।
লগতে পঢ়ক:ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ