বকো, 16 আগষ্ট: বকো আৰক্ষীৰ সাফল অভিযানত দেওবাৰে জব্দ হয় চেফৰেক্স নামৰ 300 টা নিষিদ্ধ নিচাযুক্ত ঔষধ ৷ বকো থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুপৰ্ণ বনীয়াই গোপন সূত্ৰৰ পম খেদি ছয়গাঁৱৰ চাম্পুপাৰা অভিমুখী AS-01-DP-2343 নম্বৰৰ মাৰুতি এল্ট'-কে10 বাহনৰ পৰা নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰা লগতে আটক কৰে দুজন যুৱকক ৷
বকো আৰক্ষীৰ অভিযানত জব্দ নিচাযুক্ত সামগ্ৰী - চেফৰেক্স
দেওবাৰে বকোত জব্দ হয় চেফৰেক্স নামৰ 300 টা নিষিদ্ধ নিচাযুক্ত ঔষধ ৷ ছয়গাঁৱৰ চাম্পুপাৰা অভিমুখি মাৰুতি এল্ট'-কে10 বাহনৰ পৰা নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰাৰ লগতে দুজনক আটক কৰে আৰক্ষীয়ে ৷
![বকো আৰক্ষীৰ অভিযানত জব্দ নিচাযুক্ত সামগ্ৰী Drugs seized at Boko](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8443080-thumbnail-3x2-boko.jpg)
বকোত আৰক্ষীৰ অভিযানত জব্দ নিচাযুক্ত সামগ্ৰী
বকোত আৰক্ষীৰ অভিযানত জব্দ নিচাযুক্ত সামগ্ৰী
আটকাধীন যুৱকদ্বয়ৰ নাম আলম উদ্দিন আৰু মোচতাফা নুৰ আলম বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে যুৱক দুজনক জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে ৷
Last Updated : Aug 16, 2020, 10:21 PM IST