ড্ৰাগছ সহ হাজো আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী - এ.এছ-01-এ.এইচ-2985 নম্বৰৰ ছেন্ট্ৰ’ গাড়ী এখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে
হাজোত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ৷ জব্দ প্ৰায় দুই লাখ টকাৰ COREX ৰ 1200 টা বটল ।
![ড্ৰাগছ সহ হাজো আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4660387-thumbnail-3x2-hajo.jpg)
হাজোত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী
হাজো, 5 অক্টোবৰঃ হাজোত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ৷ হাজো আৰক্ষীৰ ড্ৰাগছ মুক্ত কৰাৰ অভিযান অব্যাহত ৷ এই অভিযানত জব্দ প্ৰায় দুই লাখ টকাৰ COREX ৰ 1200 টা বটল । গুৱাহাটীৰ পৰা হাজো অভিমূখী এ.এছ-01-এ.এইচ-2985 নম্বৰৰ ছেন্ট্ৰ’ গাড়ী এখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নিচাযুক্ত সামগ্ৰীখিনি ৷ তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে কুলদীপ দাস, আব্দুল আজিজ আৰু চামচুল আলীক দ্ৰব্যখিনিৰ লগত আৰক্ষীয়ে আটক কৰে ৷
হাজোত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী