অসম

assam

By

Published : Mar 15, 2022, 2:37 PM IST

ETV Bharat / state

বাইহাটা চাৰিআলিত ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক

ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা । বাইহাটা চাৰিআলিত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰীক(Drugs Peddler arrested in Baihata) । জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ।

Drugs Peddler arrested in Baihata
বাইহাটা চাৰিআলিত ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক

বাইহাটা,১৫ মাৰ্চ:বাইহাটা চাৰিআলিত পুনৰ ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী(Drugs Peddler arrested in Baihata) । ৰঙিয়া মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বাইহাটা চাৰিআলি আৰক্ষীয়ে কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জালিমুৰা আৰু ক’লাজল গাঁৱত অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰে (Drug seize in Baihata)। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে ৰেকিবুদ্দিন আহমেদ আৰু ছাদ্দাম হুছেইন ।

ইফালে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও গাঁৱৰ পৰাও ৰেকিব আহমেদ নামৰ আন এজন সৰবৰাহকাৰী আটক কৰে আৰক্ষীয়ে । অভিযান কালত ৮ টা কন্টেইনাৰ সহ ১০.৪৮ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰে ।

কিন্তু লক্ষণীয় বিষয় যে, ড্ৰাগছ জব্দ কৰাৰ খবৰ পোৱাৰ লগে লগে বাতৰি সংগ্ৰহৰ বাবে আৰক্ষী থানাত উপস্থিত হয় যদিও বাইহাটা আৰক্ষীয়ে ২৪ ঘণ্টা উকলি যোৱাৰ পিচতহে খবৰ সংগ্ৰহ কৰিবলৈ দিয়ে । তথাপিও কিন্তু কেমেৰাৰ সন্মুখত তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে আৰক্ষী ।

সেয়ে আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত কোনো গোপন বুজা বুজি আছে নেকি তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ । উত্তৰ কামৰূপত ড্ৰাগছৰ ৰম্যভূমিলৈ পৰিণত হোৱা বাইহাটা চাৰিআলিত আৰক্ষীৰ ভূমিকাই চিন্তিত কৰি তুলিছে সচেতন মহলক ।

লগতে পঢ়ক:গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details