ৰঙিয়া, ২০ আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ৰ নিৰ্দেশমৰ্মে আৰক্ষীয়ে ড্ৰাগছ(Drugs)ৰ ক'লা বেহা বন্ধ কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে । ৰঙিয়াতো আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে । ৰঙিয়াৰ বালাগাঁৱত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে এটা ড্ৰাগছ ব্যৱসায়ীক ।
ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক হাতে-লোটে গ্ৰেপ্তাৰ কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ীজন হৈছে ৰঙিয়াৰ উদিয়ানাৰ আইনুল আলী । ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বালাগাঁৱত অভিযান চলায় । ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ১২টা কন্টেইনাৰ জব্দ কৰে ।
লগতে ড্ৰাগছ সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা AS 01 EJ 6893 নম্বৰৰ এখন স্কুটীও আৰক্ষীয়ে জব্দ কৰে । জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মুল্য প্ৰায় ১২ হাজাৰ টকা । বৰ্তমান ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে (Rangiya Police) ।