অসম

assam

ETV Bharat / state

Anti Drugs Mission : ৰঙিয়াৰ বালাগাঁৱত ড্ৰাগছসহ আটক এজন - ড্ৰাগছৰ বিৰূদ্ধে ৰঙিয়া আৰক্ষী

ড্ৰাগছৰ বিৰূদ্ধে ৰঙিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ৰঙিয়াৰ বালাগাঁৱত অভিযান চলাই আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drugs peddler arrest at Rangia) ৷

ৰঙিয়াৰ বালাগাঁওত ড্ৰাগছসহ আটক এজন
ৰঙিয়াৰ বালাগাঁওত ড্ৰাগছসহ আটক এজন

By

Published : Jan 8, 2022, 5:58 PM IST

ৰঙিয়া, 8 জানুৱাৰী: মাৰাত্মক ড্ৰাগছৰ বিৰূদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া আৰক্ষীয়েও ড্ৰাগছৰ বিৰূদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ ৰঙিয়াৰ বালাগাঁৱত আৰক্ষীয়ে চলোৱা এক অভিযানত ব্ৰাউন চুগাৰসহ আটক হয় এটা ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler arrest at Rangia)।

ৰঙিয়াৰ বালাগাঁওত ড্ৰাগছসহ আটক এজন

ৰঙিয়া আৰক্ষীৰ অভিযান কালত জাকিৰ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰা হয় । ৰঙিয়াৰ বালাগাঁৱৰ বাসিন্দা জাকিৰ হুছেইনৰ বিৰূদ্ধে দীৰ্ঘদিনে ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত জাকিৰৰ বাসগৃহৰ পৰা 20 গ্ৰাম ব্ৰাউন চুগাৰ আৰু কেইবাটাও ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে । সম্প্ৰতি আৰক্ষীয়ে জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানাত জেৰা চলাই আছে ।

আনহাতে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছতে ড্ৰাগছ ব্যৱসায়ী জাকিৰক ধোৱা তুলসীৰ পাত সজোৱাৰ লগতে থানাৰ পৰা উলিয়াই নিবৰ বাবে উঠি পৰি লাগিছে ৰাজনৈতিকভাৱে শক্তিশালী এটা চক্ৰ । আৰক্ষীয়ে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হব ৷

লগতে পঢ়ক:Bulli Bai case : কিয় ব্যৱহাৰ কৰিছিল এই এপ, ক’লে নীৰজে...

ABOUT THE AUTHOR

...view details