ছয়গাঁও, ৫ ছেপ্টেম্বৰ : ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে (Assam Police) ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে অভিযান অব্যাহত ৰাখিছে । এই অভিযানবোৰত আৰক্ষীয়ে ড্ৰাগছ,গাঞ্জা আদি নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে । তাৰ মাজতো একাংশই চলাই গৈছে ড্ৰাগছৰ বেহা ৷ শেহতীয়াকৈ কামৰূপ জিলাত আৰক্ষীৰ চকুত ধুলি দি একাংশ লোকে এনে নিষিদ্ধ সামগ্ৰীৰ বেহা অব্যাহত ৰাখিছে ।
যাৰ বাবে কামৰূপ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত তীব্ৰ অভিযান আৰম্ভ কৰিছে । শনিবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে থানাৰ অন্তৰ্গত অঞ্চলটোত ড্ৰাগছ বিৰোধী অভিযান চলোৱা দেখা গ'ল । অভিযানৰ সময়ত গৰৈমাৰীৰ জোৰশিমলুৰ পৰা ড্ৰাগছসহ এজন লোকক আটক কৰে আৰক্ষীয়ে । জানিব পৰা মতে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত নিশা চলোৱা এই অভিযানত জোৰশিমলু গাঁৱৰ আতোৱাৰ ৰহমানক নিজ ঘৰৰ পৰা আটক কৰা হয় ।