অসম

assam

By

Published : Jul 15, 2021, 1:36 PM IST

ETV Bharat / state

আমিনগাঁৱত গ্ৰেপ্তাৰ ৪ ড্ৰাগছ সৰবৰাহকাৰী

আমিনগাঁৱৰ কালিবাৰীত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰ'ইন । এই অভিযানত চাৰিজন সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে । ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা আমিনগাঁও আৰক্ষীয়ে জব্দ কৰে কেইবাটাও ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, চিৰিঞ্জ, নগদ ধন আৰু ম'বাইল ফোন ।

drugs peddler
আমিনগাঁৱত গ্ৰেপ্তাৰ ৪ ড্ৰাগছ সৰবৰাহকাৰী

বাইহাটা,১৫ জুলাই :ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ (Drugs) বিৰোধী অভিযান । ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰিবলৈ বিভিন্ন জিলাত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । বহু ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler) ইতিমধ্যে জালত পৰিছে আৰক্ষীৰ । লগতে লাখ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে ।

প্ৰতিখন জিলাৰ লগতে কামৰূপ(গ্ৰাম্য) জিলা আৰক্ষীও এই ক্ষেত্ৰত সষ্টম হৈ আছে । বিভিন্ন স্থানত অভিযান চলাই কামৰূপ আৰক্ষীয়েও (Kamrup police) আটক কৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰীক । এইবাৰ কামৰূপ আৰক্ষীয়ে আমিনগাঁৱত চলালে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান ।

আমিনগাঁৱৰ কালিবাৰীত আৰক্ষীয়ে চলোৱা এই অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰ'ইন (Heroine) । ইফালে এই অভিযানত চাৰিজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে । ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা আমিনগাঁও আৰক্ষীয়ে জব্দ কৰে কেইবাটাও ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, চিৰিঞ্জ, নগদ ধন আৰু ম'বাইল ফোন ।

আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী কেইটা ক্ৰমে হাজোৰ জাহিৰ আলী, মালিগাঁৱৰ বিত্তু বৰুৱা, কলাইগাঁৱৰ ৰঞ্জিত সোণাৰ আৰু পাঞ্জাবাৰীৰ উৎপল বিশ্বাস । ভাড়াঘৰৰ পৰাই আমিনগাঁও অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল এই চাৰি সৰবৰাহকাৰীয়ে । ড্ৰাগছ সৰবৰাহকাৰীকেইটাক গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

তথ্য অনুসৰি, এই চাৰিওজনৰ লগতে আমিনগাঁও অঞ্চলত ড্ৰাগছৰ বেহা চলাই আহিছিল কেইবাজনো লোকে । অৱশ্যে এইক্ষেত্ৰত আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে । আৰক্ষী সূত্ৰই জনোৱা মতে, যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ থেলি দিয়া এই নিষিদ্ধ ড্ৰাগছৰ বেহা বন্ধ কৰিবলৈ কামৰূপ আৰক্ষীয়ে ইতিমধ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :আৰক্ষীৰ পৃথক অভিযানত ড্ৰাগছ-সুৰা জব্দ

ABOUT THE AUTHOR

...view details