অসম

assam

ETV Bharat / state

Crime in Rangia: ট্ৰাকৰ ইঞ্জিনৰ পৰা জব্দ আফিং - drugs paddler arrested in rangia

ৰাজ্য়ত অব্য়াহত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰলীয়া নৈৰ দলঙৰ সমীপত আফিং উদ্ধাৰ ।

Drugs in Assam
ৰাজ্য়ত ড্ৰাগছৰ সৰৱৰাহ

By

Published : Jun 25, 2023, 9:14 PM IST

ৰঙিয়া, ২৫ জুন:আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পিচতো ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বেহা । ড্ৰাগছ, গাঞ্জা, সুৰা অথবা ধঁপাতৰ নিচাৰ ৰাগীত মাতাল হৈ পৰিছে ৰাজ্যৰ একাংশ যুৱ প্ৰজন্ম ৷ ড্ৰাগছৰ শিপাডাল ৰাজ্যত ইমানেই গভীৰলৈ শিপাইছে যে, বহু চেষ্টা কৰিও ৰাইজৰ লগতে আৰক্ষীয়ে ইয়াক উভালি পেলাব পৰা নাই ৷ নিচাৰ বাবেই এক ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে ৰাজ্যৰ এটা প্ৰজন্ম ৷ ইয়াৰ মাজতেই ৰঙিয়াত আৰক্ষীৰ জালত পৰিল বহিঃৰাজ্যৰ দুটা সৰবৰাহকাৰী ।

বহিঃৰাজ্যৰ পৰা অসমলৈ অহা কণীৰ ট্ৰাকত উদ্ধাৰ ২৫ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ আফিং । ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰলীয়া নৈৰ দলঙৰ সমীপত ৰঙিয়া আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তেই ধৰা পৰে বহিঃৰাজ্যৰ দুটা সৰবৰাহকাৰী । আৰক্ষীয়ে PB 65 BC 5967 নম্বৰৰ ট্ৰাকৰখনত তালাচী চলাই ৫ কেজি ১৬ গ্ৰাম নিষিদ্ধ আফিং জব্দ কৰে । ট্ৰাকৰ ইঞ্জিনত লুকুৱাই অনা অৱস্থাত পাঁচটা পেকেটত এই নিষিদ্ধ আফিং উদ্ধাৰ হোৱাৰ লগে লগে দুটা বহিঃৰাজ্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।

ৰঙিয়া আৰক্ষীয়ে দেওবাৰে পুৱতি নিশা এক অভিযান চলাই বৃহৎ পৰিমাণৰ আফিং উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বহিঃৰাজ্যৰ পৰা অসমলৈ অহা এখন ট্ৰাকত এই আফিং উদ্ধাৰ কৰে । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত নগৰ আৰক্ষীৰ উপ পৰিদৰ্শক সমৰজ্যোতি ডেকাৰ সহযোগত ৰঙিয়াৰ সোঁমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰলীয়া নৈৰ দলঙৰ সমীপত চলাই এই অভিযান ।

অভিযানকাৰী দলটোৱে হাৰিয়ানাৰ পৰা অসমৰ কৰিমগঞ্জ অভিমুখী কণী ভৰ্তি PB 65 BC 5967 নম্বৰৰ ট্ৰাকখনৰ ইঞ্জিনত লুকুৱাই অনা এই আফিং উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে ট্ৰাকখনৰ চালক পঞ্জাৱৰ ৰূপনগৰ জিলাৰ ওচমানপুৰ গাঁৱৰ সুক দেৱ আৰু হাৰিয়ানা কুৰুক্ষেত্ৰ জিলাৰ বুদ্ধানী গাঁৱৰ হেপ্পি সিঙক আটক কৰিবলৈ সক্ষম হয় । ধৃত দুয়োজনকে ৰঙিয়া আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Landslide in Guwahati: বাৰিষা শেষ নোহোৱা পৰ্যন্ত মহানগৰীত কোনো লোকে কাটিব নোৱাৰিব পাহাৰত মাটি

ABOUT THE AUTHOR

...view details